
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাই পুত্ৰ-কন্যাৰ সৈতে আত্মহত্যাৰ চেষ্টা (Lawyer Suicide) চলায়। এই ঘটনাত পুত্ৰৰ মৃত্যু হয় যদিও সংকটজনক অৱস্থাত উদ্ধাৰ হয় অধিবক্তাগৰাকী আৰু তেওঁৰ ১৪ বছৰীয়া কন্যা। তেওঁৰ ঘৰ ৰাঁচীৰ অশোক নগৰত। তাৰ পৰা তিনিওজনকে উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত যুৱকজনৰ নাম মিহিৰ। তেওঁ কলকাতাত বাস কৰিছিল। শেহতীয়াকৈ তেওঁ ৰাঁচীৰ নিজৰ ঘৰলৈ আহিছিল। মিহিৰক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মিহিৰৰ মাতৃ স্নেহা আখৌৰী ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ অধিবক্তা।
আৰক্ষীয়ে সন্দেহ কৰিছে যে স্নেহা আৰু তেওঁৰ কন্যাই বিষাক্ত বস্তু সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল। সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেওঁলোকক ৰাঁচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে জনোৱা মতে, স্নেহাৰ পুত্ৰ মিহিৰে কলকাতাত চাৰ্টাৰ্ড একাউণ্টেন্সি পঢ়ি আছিল। শেহতীয়াকৈ তেওঁ ৰাঁচীলৈ উভতি গৈছিল।
মিহিৰে এটা কোম্পানীত ভাল চাকৰি এটাও পায়। ওচৰ-চুবুৰীয়াই কয় যে আখৌৰী পৰিয়ালৰ লগত সকলোৰে ভাল সম্পৰ্ক আছিল। তেওঁলোকে কেতিয়াও ভবা নাছিল যে পৰিয়ালটোৰ ভিতৰত কিবা এটা চলি আছে। কাৰণ কোনো এটা কথাতে কোনো অস্বাভাৱিকতা ধৰা পৰা নাছিল।
চুবুৰীয়া নিশ্চিত নহয় যে কিয় অধিবক্তাজনে আত্মহত্যাৰ চেষ্টা চলালে। অৱশ্যে ইয়াৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে তদন্তকাৰীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অধিবক্তা আৰু তেওঁৰ কন্যাৰ শাৰীৰিক অৱস্থা অলপ উন্নত হ’লেহে ভাষ্য গ্ৰহণ কৰা হ’ব।










