
এইবাৰ অনুষ্ঠিত হ’বলগীয়া লোকপিয়লৰ বাবে কেন্দ্ৰীয় বাজেট (Union Budget)ত ৬ হাজাৰ কোটি টকাৰ আবণ্টন ঘোষণা কৰা হৈছে। mgদীৰ্ঘ ১৫ বছৰৰ অন্তত ১ এপ্ৰিল (1st April)ৰ পৰা দেশত পূৰ্ণাংগ ৰূপত আৰম্ভ হ’ব ১৬ সংখ্যক লোকপিয়লৰ প্ৰথম পৰ্যায় (first stage of Census)।
২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত লোকপিয়ল, জৰীপ আৰু পৰিসংখ্যা/ভাৰতৰ মহাপঞ্জীয়ক (আৰ জি আই)ৰ বাবে মুঠ ৬,০০০ কোটি টকা আবণ্টনৰ কথা উল্লেখ আছে। যোৱা বছৰৰ বাজেটত এই বিভাগৰ বাবে ১০৪০ কোটি টকা আবণ্টন দিয়া হৈছিল। এইবাৰ এই খণ্ডৰ বাবে আবণ্টন প্ৰায় ছয়গুণ বৃদ্ধি কৰা হৈছে। ফলত এই আবণ্টন লোকপিয়লৰ কামৰ বাবে কৰা বুলি ধাৰণা কৰা হৈছে।

বাজেট নথিত উল্লেখ আছে যে এই ধন মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ত আৰু আৰ জি আইৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এন পি আৰ) আৰু ২০২৭ চনৰ লোকপিয়লৰ খৰচো অন্তৰ্ভুক্ত।
দেশৰ অন্তিমটো লোকপিয়ল ২০১১ চনত কৰা হৈছিল। বিধি অনুসৰি ১০ বছৰৰ ব্যৱধানৰ অন্তত ২০২১ চনত পুনৰ লোকপিয়ল অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু কোভিড মহামাৰীৰ বাবে সময়মতে আয়োজন কৰিব পৰা নগ’ল। নিৰ্ধাৰিত সময়ৰ ছবছৰৰ অন্তত অৱশেষত ভাৰতত অনুষ্ঠিত হ’ব লোকপিয়ল। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ আৰ জি আয়ে লোকপিয়লৰ বাবে প্ৰায় ৩৪ লাখ কৰ্মচাৰীক নিযুক্তি দিব পাৰে। ঘৰে ঘৰে গৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰিব।
এইবাৰ প্ৰথমবাৰৰ বাবে দেশত ডিজিটেল লোকপিয়ল অনুষ্ঠিত হ’ব। প্ৰথম অৱস্থাত সকলো গণনাকাৰীয়ে মোবাইল ফোনযোগে তথ্য সংগ্ৰহ কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকে নিজৰ স্মাৰ্টফোন ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত তেওঁলোকে সেই তথ্য এটা নিৰ্দিষ্ট এপৰ জৰিয়তে কেন্দ্ৰীয় ছাৰ্ভাৰত আপলোড কৰিব। এই তথ্যসমূহ ইংৰাজী আৰু প্ৰতিটো আঞ্চলিক ভাষাত এপটোত দৃশ্যমান হ’ব। এণ্ড্ৰইড আৰু আইফোনৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য। কিন্তু যদি কোনো কাৰণত কোনোবাই লিখিতভাৱে তথ্য লাভ কৰে, তেন্তে তেওঁ সেই তথ্য পোনপটীয়াকৈ এটা নিৰ্দিষ্ট ৱেব পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ ফলত জটিলতা আৰু ভুলৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।










