![]()
গ্ৰেমী বঁটা (Grammy Award) লাভ কৰিলে দালাই লামা (Dalai Lama)ই। দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছত বৌদ্ধ গুৰুজনক সম্বৰ্ধনা জনোৱা হয়। সংগীতজ্ঞ ৰুফাছ ৱেইনৰাইটে তেওঁৰ হৈ এই বঁটা গ্ৰহণ কৰে। সংগীত জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে গ্ৰেমী বঁটা প্ৰদান কৰা হয়। যিটো এলবামৰ বাবে দালাই লামাক সন্মান জনোৱা হৈছে তাৰ নাম ‘মেডিটেচনছ: দ্য ৰিফ্লেকচনছ অব হিজ হলিনেছ দ্য দালাই লামা’। দালাই লামাৰ এই এলবামটোৱে শ্ৰেষ্ঠ অডিঅ’ শাখাত বঁটা লাভ কৰিছে। এই এলবামটো অৱশ্যে গীতৰ এলবাম নহয়। ইয়াত দালাই লামাৰ বাৰ্তা, উপদেশ আৰু বক্তব্য সন্নিবিষ্ট কৰা হৈছে। দালাই লামাৰ বক্তব্যৰ লগত বেকগ্ৰাউণ্ড মিউজিক, যাৰ সংগীতেৰে প্ৰখ্যাত সৰোদ শিল্পী আমজাদ আলী খান আৰু তেওঁৰ দুই পুত্ৰ আমান আলী বংগাছ আৰু অয়ান আলী বংগাছে গীত পৰিৱেশন কৰে। এই অডিঅ’ এলবামটোত দালাই লামাই মূলতঃ বিশ্ব শান্তি, ধৈয্য, দয়া আৰু আশাৰ কথা কৈছে।

বঁটা লাভ কৰাৰ পিছত এই বিষয়ে দালাই লামাই কয়, “মই এই সন্মান কৃতজ্ঞতাৰে গ্ৰহণ কৰিছোঁ। মই ইয়াক ব্যক্তিগত (কৃতিত্ব) হিচাপে নাভাবোঁ। ই আমাৰ সকলোৰে দায়িত্বৰ স্বীকৃতি।” তেওঁ লগতে কয়, “মই বিশ্বাস কৰোঁ যে শান্তি, ধৈয্য, পৰিৱেশৰ প্ৰতি যত্ন আৰু মানৱতা বিশ্বৰ সকলো মানুহৰ মংগলৰ বাবে গুৰুত্বপূৰ্ণ। গ্ৰেমী বঁটাই এই বাৰ্তাসমূহ আৰু অধিক বিয়পোৱাত সহায় কৰিব।”
সংগীত জগতত গ্ৰেমী এক অতি সন্মানীয় বঁটা। বিশ্বাস কৰা হয় যে এই বঁটাৰ দ্বাৰা দালাই লামাৰ বাৰ্তা সমগ্ৰ বিশ্বৰ অধিক শ্ৰোতাৰ মাজলৈ যাব। শ্ৰেষ্ঠ অডিঅ’ বুক শাখাত আন বহু এলবাম দালাই লামাৰ এলবামৰ লগত প্ৰতিযোগিতা আছিল। কিন্তু বৌদ্ধ গুৰুজনাৰ বাৰ্তা থকা এলবামটোৱে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে। সংগীতৰ মানুহ নহ’লেও কিন্তু আন ক্ষেত্ৰত প্ৰতিষ্ঠিত বহু লোকে ইয়াৰ আগতেও গ্ৰেমী বঁটা লাভ কৰিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাই তেওঁৰ দুটা ভাষণ সংগ্ৰহৰ বাবে দুবাৰকৈ গ্ৰেমী বঁটা লাভ কৰিছে। ২০০৬ চনত ওবামাৰ ‘ড্ৰিমছ ফ্ৰম মাই ফাদাৰ’ এলবামে গ্ৰেমী লাভ কৰিছিল। ২০০৮ চনত ওবামাৰ আন এটা এলবাম ‘অ’ডাচিটি অব হ’প’ এলবামটোৱে গ্ৰেমী বঁটা লাভ কৰে। ওবামাৰ পত্নী মিচেল ওবামাৰ উপৰি এপ’লৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছেও গ্ৰেমী বঁটা লাভ কৰে। এপ’লে সৃষ্টি কৰা আইপডৰ জৰিয়তে সংগীতক জনপ্ৰিয় কৰাৰ কামৰ বাবে জবছে মৰণোত্তৰভাৱে গ্ৰেমী বঁটা লাভ কৰিছিল।










