
উচ্চতম ন্যায়ালয়ে পূৰ্বতেই বিবেচনা কৰিবলৈ কোৱাৰ পিছত এইবাৰ কেন্দ্ৰীয় বাজেটত নৰেন্দ্ৰ মোদী চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। গাড়ী দুৰ্ঘটনাৰ ক্ষতিপূৰণ লাভ কৰিবলৈ আৰু কোনো কৰ আদায় দিব নালাগিব। দেওবাৰৰ কেন্দ্ৰীয় বাজেট (Union Budget)ত গাড়ী দুৰ্ঘটনাৰ ক্ষতিপূৰণ (Car accident compensation) কৰমুক্ত (Tax-free) কৰা হয়। এই সিদ্ধান্ত ১ এপ্ৰিলৰ পৰা (নতুন বিত্তীয় বৰ্ষ) কাৰ্যকৰী হ’ব।
১৯৮৮ চনৰ মটৰ গাড়ী আইন অনুসৰি, গাড়ী দুৰ্ঘটনাত কোনোবা এজনৰ মৃত্যু হ’লে পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ ন্যায়াধিকৰণে নিৰ্দেশ দিব পাৰে। কোনোবাই গাড়ী দুৰ্ঘটনাত স্থায়ীভাৱে অক্ষমতা বা ঘূণীয়া হ’লেও ন্যায়াধিকৰণে ক্ষতিপূৰণৰ নিৰ্দেশ দিব পাৰে। কিন্তু এই ক্ষতিপূৰণৰ ধনক ‘আয়’ বুলি গণ্য কৰিব পাৰিনে নোৱাৰি সেই সন্দৰ্ভত বিগত সময়ছোৱাত বহুদিন ধৰি চৰ্চা চলি আহিছে। এতিয়ালৈকে এই ক্ষতিপূৰণৰ ধন সম্পূৰ্ণ কৰমুক্ত নাছিল। পথ দুৰ্ঘটনাত ৫০ হাজাৰতকৈ অধিক ক্ষতিপূৰণৰ ক্ষেত্ৰত টি ডি এছ কৰ্তন কৰা হৈছিল।

নতুন বিত্তীয় বৰ্ষৰ পৰা আৰু সেয়া কৰ্তন কৰা নহ’ব। ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি, লাভ কৰা ক্ষতিপূৰণৰ ধন সম্পূৰ্ণৰূপে কৰমুক্ত কৰি তোলা হৈছে। গাড়ী দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ ধন লাভ কৰাক কেন্দ্ৰ কৰি বিষয়টো বিগত সময়ত উচ্চতম ন্যায়ালয়ত উপনীত হৈছে। আইনী বাতৰি ৱেবছাইট ‘লাইভ ল’ৰ বাতৰি অনুসৰি ২০২৪ চনত উচ্চতম ন্যায়ালয়ে ক্ষতিপূৰণৰ ধনৰ বাবে টি ডি এছ কৰ্তনৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু আয়কৰ বিভাগৰ মতামত বিচাৰিছিল। বিগত সময়ত বোম্বে উচ্চ ন্যায়ালয়েও ৰূপেশ ৰেশ্মী কান্ত শ্বাহ বনাম কেন্দ্ৰীয় চৰকাৰৰ গোচৰত এই প্ৰশ্ন উত্থাপন কৰিছিল। সেই গোচৰত আদালতে কৈছিল যে ক্ষতিপূৰণ দাবী কৰাৰ পৰা ধন পোৱালৈকে জমা হোৱা সুতক আবেদনকাৰীৰ ‘আয়’ বুলি গণ্য কৰিব নোৱাৰি।
কেন্দ্ৰৰ বাজেটত উল্লেখ আছে যে দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি আৰু তেওঁৰ পৰিয়ালৰ দুখ কমাবলৈ এই সিদ্ধান্ত লোৱা হৈছে। ক্ষতিপূৰণৰ ধন বা আবেদনকাৰীৰ হাতত নপৰালৈকে জমা হোৱা সুতৰ ওপৰত কোনো কৰ আৰোপ কৰা নহ’ব বুলি জনোৱা হৈছে।










