
ম’ম’ (Momo) খোৱাত আসক্ত এজন কিশোৰে দিনৰ পিছত দিন নিজৰ ঘৰৰ পৰাই গহনা চুৰি কৰিছিল। চুবুৰীৰ ম’ম’ বিক্ৰেতাই লক্ষাধিক টকাৰ এই গহনা আত্মসাৎ কৰে। পৰিয়ালৰ লোকে প্ৰথমতে এইকথা লক্ষ্য কৰা নাছিল। গহনাবোৰ নোহোৱা হোৱা বুলি গম পোৱালে বহু দেৰি হৈ যায়। বিক্ৰেতাই ম’ম’ৰ দোকানখন বিক্ৰী কৰি সকলো গহনা লৈ পলায়ন কৰে।

উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ ৰামপুৰ খান্না থানা এলেকাত সংঘটিত হয় এই ঘটনা। তাত থকা এজন ১৪ বছৰীয়া কিশোৰে ঘৰৰ পৰা গহনা চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ মতে, কিশোৰগৰাকীয়ে ফাষ্ট ফুড খাই ভালপায়।
ৰাস্তাৰ কাষৰ কণীৰ ৰোল, চাওমিন আৰু ম’ম’ তেওঁৰ ভাল লাগে। কিশোৰজন ম’ম’ৰ প্ৰতি আসক্ত হৈ পৰিছিল। চুবুৰীৰ এজন ম’ম’ দোকানীৰ পৰা তেওঁ নিয়মিতভাৱে ম’ম’ খাইছিল। কিন্তু ঘৰৰ পৰা টকা নিদিয়াত কিশোৰজনে মাকৰ আলমাৰীৰ পৰা গহনা চুৰি কৰিবলৈ ধৰে।
প্ৰায় প্ৰতিদিনে আলমাৰীৰ পৰা গহনা উলিয়াই ম’ম’ দোকানীজনৰ হাতত তুলি দিছিল। বিনিময়ত দোকানীজনে তেওঁক বহুত ম’ম’ খাবলৈ দিছিল। গোটেই ঘটনাটো পৰিয়ালটোৰ অজ্ঞাতে ঘটি থাকে। কিন্তু কিশোৰজনৰ এজন আত্মীয়ই তেওঁৰ গহনাখিনি নিবলৈ অহাৰ লগে লগে বিষয়টো পোহৰলৈ আহে।
আলমাৰীটো খুলি তেওঁ দেখে যে তাত গহনা প্ৰায় নায়েই। লগে লগে পৰিয়ালটো হতভম্ব হৈ পৰে। সোধা-পোছাৰ অন্তত কিশোৰজনে স্বীকাৰ কৰে যে তেওঁ এই গহনা ম’ম’ বিক্ৰেতাক দিছিল। লগে লগে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে। আলমাৰীটোত কেইবা লাখ টকাৰ গহনা থকা বুলি দাবী কৰে।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু এতিয়ালৈকে ম’ম’ বিক্ৰেতাৰ কোনো সন্ধান পোৱা নাই। উদ্ধাৰ হোৱা নাই কোনো গহনা। এজন আৰক্ষী বিষয়াই কয় যে তেওঁলোকে আশাবাদী যে ম’ম’ বিক্ৰেতাজন অতি সোনকালে ধৰা পৰিব।










