
বাংলাদেশৰ ১২ ফেব্ৰুৱাৰীৰ নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে ঢাকাই ভাৰতকো আমন্ত্ৰণ জনাইছে। দেওবাৰে দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে (Mohammad Yunus) কয় যে ভাৰতকে ধৰি কেইবাখনো দেশক নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

১১ খন দেশে এতিয়াও কোনো সঁহাৰি দিয়া নাই। ভাৰতো সেই তালিকাত আছে। অৰ্থাৎ ভাৰত চৰকাৰৰ কোনো প্ৰতিনিধিয়ে ১২ তাৰিখে বাংলাদেশৰ সাধাৰণ নিৰ্বাচন পৰ্যবেক্ষণ কৰিবলৈ যাব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
অৱশ্যে এই পৰ্যন্ত নিৰ্বাচনৰ বাবে বাংলাদেশলৈ গৈ আছে বিভিন্ন দেশ আৰু সংগঠনৰ প্ৰতিনিধিকে ধৰি মুঠ ৩৩০ জন আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক। এই সংখ্যা আৰু বৃদ্ধি পাব বুলি আশাবাদী ইউনুছ। ভাৰতৰ উপৰি নেপাল, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, ইজিপ্ত, ফ্ৰান্স, কুৱেইট, মৰক্কো, নাইজেৰিয়া আৰু ৰোমানিয়াই এতিয়াও বাংলাদেশৰ আমন্ত্ৰণৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই।
ঢাকাই আৰু কেইবাখনো দেশক আমন্ত্ৰণ জনাইছে। তেওঁলোকে প্ৰতিনিধি পঠিয়াবলৈ সন্মত হৈছে। ইউনুছে কয় যে বাংলাদেশৰ ত্ৰয়োদশ সাধাৰণ নিৰ্বাচন পৰ্যবেক্ষণ কৰিবলৈ অৰ্গেনাইজেচন অব ইছলামিক ক’অপাৰেশ্যন (অ’ আই চি)কে ধৰি ছটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই ৬৩ জন প্ৰতিনিধি প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে।
ইয়াৰ উপৰি ১৬ খন দেশ, ৩২টা ব্যক্তিগত সংগঠন আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধি পৰ্যবেক্ষক হ’ব। এছিয়ান নেটৱৰ্ক ফৰ ফ্ৰী ইলেকচন, কমনৱেলথ সচিবালয় আৰু আমেৰিকাৰ আঠটা সংগঠনৰ পৰ্যবেক্ষক থাকিব। ফলত মুঠ পৰ্যবেক্ষকৰ সংখ্যা ৩৩০ হৈছে, যিটো পূৰ্বৰ নিৰ্বাচনতকৈ বহু বেছি।
ইউনুছৰ বক্তব্যত দিয়া পৰিসংখ্যা অনুসৰি, বিগত তিনিটা নিৰ্বাচনত বাংলাদেশত ক্ৰমে ১৫৮, ১২৫ আৰু চাৰিজন আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষক আছিল। অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী বিষয়াই কয়, “আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আমি আশাবাদী। কাৰণ বহু দেশে এতিয়াও আমাৰ আমন্ত্ৰণ গ্ৰহণ কৰা নাই।”
বাংলাদেশৰ নিৰ্বাচনত মুঠ আসনৰ সংখ্যা ৩০০ খন। ৫০টাতকৈও অধিক দলৰ পৰা ২০০০ৰো অধিক প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব।
ইউনুছে পূৰ্বেও দাবী কৰিছিল যে তেওঁ আয়োজন কৰা নিৰ্বাচন বাংলাদেশৰ ভৱিষ্যত নিৰ্বাচনৰ বাবে এক মাপকাঠী হ’ব। ইউনুছে মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছে। অৱশ্যে এইবাৰ বাংলাদেশৰ নিৰ্বাচনত নাথাকিব বৰ্খাস্ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগ। এই দলৰ কাৰ্যকলাপ নিষিদ্ধ ঘোষণা কৰা হৈছে।









