
৮০ৰ দশকত অসমৰ কাব্য আৰু নাট্য জগতত নিজ সৃষ্টিৰে সুকীয়া ধাৰাৰ সৃষ্টি কৰি অসমৰ কাব্য নাট্য জগতত এক মাইলৰ খুঁটি হিচাবে পৰিগণিত বোকাখতীয়া শিপাৰ অসমৰ বিশিষ্ট কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হোছেইন আজি পুৱা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ সৈতে বিশেষভাৱে জৰিত হোছেইনক আজি পুৱা তেখেতৰ মৰিগাঁৱৰ বাসগৃহৰ বাথৰুমত সংজ্ঞাহীন হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। জানিব পৰা মতে পুৱা বহু সময়লৈ ঘৰৰ দুৱাৰ বন্ধ দেখি মাতিও হোছেইনৰ মাত নাপাই ব্যক্তিয়ে আৰক্ষীক খবৰ দিয়ে নিকততম ব্যক্তিয়ে।
আৰক্ষীয়ে বলপূৰ্বক বন্ধ দুৱাৰ খুলি বাথৰুমত পৰি থকা হোছেইনক উদ্ধাৰ কৰি তৎক্ষণাত মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় আৰু তাতে অনতিপলমে তেওঁক আই চি ইউ-ত ভৰ্তি কৰোৱা হয়। ষ্ট্ৰোক হৈ হোছেইন তেনেদৰে পুৱা যথেষ্ট সময় বাথৰুমতে সংজ্ঞাহীন অৱস্থাত পৰি থাকিব লগীয়া হ’ল বুলি জানিব পৰা গৈছে।
পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে আৰু বৰ্তমান হোছেইন তাতেই চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে অবিবাহিত হোছেইন মৰিগাঁৱৰ বাসগৃহত অকলে আছিল। হোছেইনৰ বোকাখাতৰ পৰিয়ালৰ লোক খবৰ পোৱাৰ মাত্ৰকে ৰাওনা হয় গুৱাহাটীলৈ হোছেইনৰ চিকিৎসাৰ বাবে।
হোছেইনৰ আকস্মিক অসুস্থতাত অসমৰ বিভিন্ন প্ৰান্তৰ হোছেইনৰ অনুৰাগীৰ লগতে উদ্বিগ্নতাত ভুগিছে বোকাখাতবাসী। মহীৰূহ স্বৰূপ ব্যক্তি গৰাকীৰ আকস্মিক অসুস্থতাত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।
লগতে আশু আৰোগ্য কামনা কৰিছে প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে। বোকাখাতৰ প্ৰায় দুকুৰি বছৰীয়া নাট্যানুষ্ঠান ৰূপজ্যোতি সংঘৰ জন্ম লগ্নৰে পৰা সুদীৰ্ঘকাল সংগঠনটোৰ সৈতে জৰিত ৰফিকুল হোছেইন।
ৰূপজ্যোতি সংঘৰ প্ৰতিগৰাকী হোছেইনৰ অনুৰাগী হোছেইনৰ আকস্মিক অসুস্থতাত ভুগি আশু আৰোগ্য কামনা কৰাৰ লগতে বোকাখাত নাট্য মন্দিৰকে ধৰি বোকাখাতৰ দল-সংগঠন, ব্যক্তিয়ে আশু আৰোগ্য কামনা কৰিছে অসমৰ কাব্য নাট্য জগতৰ মহীৰূহ গৰাকীৰ।
আনহাতে বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বোকাখাত নাট্য মন্দিৰৰ উপদেষ্টা তথা বোকাখাত জিলা মইনা পাৰিজাতকে ধৰি বিভিন্ন সংগঠনৰ সৈতে জড়িত সৈতে সুৰেন্দ্ৰ নাথ গগৈও বৰ্তমান যোৰহাট মিছন হস্পিতালত চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে বোকাখাত নগৰৰ কেন্দ্ৰস্থলত আকস্মিকভাৱে পৰি যোৱাৰ পাছত গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ লৈ যোৱা হয়। গগৈৰ আশু আৰোগ্য কামনা কৰিছে বোকাখাতবাসীয়ে।










