
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ (Sheikh Hasina) বাসগৃহ আৰু চৰকাৰী কাৰ্যালয় গণভৱনৰ খাদ্য বিল এতিয়াও ২.৫ কোটি টকাতকৈও অধিক (বাংলাদেশৰ মুদ্ৰা)। গণভৱনৰ কোনেও সেই বিল পৰিশোধ কৰা নাই।

আনকি মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰখনেও ইয়াৰ ধন দিবলৈ ইচ্ছুক নহয়। হোটেল কৰ্তৃপক্ষৰ বক্তব্যৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে।
হাছিনা প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত হোটেল অৱকাশে গণভৱনত খাদ্য যোগান ধৰিছিল। এই হোটেলখন বাংলাদেশ পৰ্যটন নিগমৰ অধীনত চৰকাৰী প্ৰতিষ্ঠান। আনকি বৰ্তমানৰ মুখ্য উপদেষ্টা ইউনুছে থকা যমুনাতো খাদ্য পৰিবেশন কৰা হয়। অভিযোগ অনুসৰি, যমুনাৰ খাদ্য বিলো বাকী আছে।
অৱশ্যে ইয়াৰ পৰিমাণ কম। হাছিনাৰ বাসগৃহৰ বকেয়াৰ বাবে এতিয়াও ২ কোটি ৫৪ লাখ টকা পাওনা হৈ আছে হোটেল অৱকাশ। ইউনুছৰ বাসগৃহৰ বকেয়া ৩৪ লাখ ৭৩ হাজাৰ টকা। হোটেল কৰ্তৃপক্ষই অন্তৱৰ্তীকালীন চৰকাৰলৈ কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰি ধন বিচাৰিছে।
কিন্তু ইউনুছে পূৰ্বৰ চৰকাৰৰ বাকী থকা খাদ্য বিল পৰিশোধ কৰিব বিচৰা নাই। ফলত সেই ধনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। নাম প্ৰকাশত অনিচ্ছুক পৰ্যটন নিগমৰ এগৰাকী বিষয়াই কয় যে অন্তৱৰ্তীকালীন চৰকাৰে পূৰ্বৰ চৰকাৰৰ এই দায়িত্ব ল’ব নিবিচাৰে।
ইফালে পূৰ্বৰ বকেয়া সত্ত্বেও যোৱা আগষ্ট মাহত ইউনুছৰ বাসগৃহৰ সৈতে এবছৰৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰিছিল অৱকাশ কৰ্তৃপক্ষই। এই চুক্তিত উল্লেখ আছে যে যমুনাক খাদ্য আৰু অন্যান্য সামগ্ৰীকে ধৰি মুঠ ৪৬০ টা সামগ্ৰী যোগান ধৰা হ’ব।
ইয়াৰ ভিতৰত আছে ফলমূল, বিস্কুট, চানা, মিঠাই আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী। এই হোটেলখনৰ পৰা হাছিনাৰ গণভৱনলৈ ১৭৩ ধৰণৰ খাদ্য যোগান ধৰা হৈছিল বুলি কৰ্তৃপক্ষই দাবী কৰিছে।
বকেয়া ধন নিদিয়াৰ বাবে আৰ্থিক সংকটত ভুগিছে হোটেল কৰ্তৃপক্ষ।
কৰ্মচাৰীক দৰমহা দিয়াৰ লগতে নতুন সামগ্ৰী যোগান ধৰাত সমস্যাৰ সন্মুখীন হৈছে। আনকি তেওঁলোকে ইউনুছৰ বাসগৃহলৈ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হোৱা বুলি পত্ৰখনত উল্লেখ কৰিছে। কিন্তু এই সমস্যাৰ কোনো সমাধান সোনকালে ওলোৱাৰ সম্ভাৱনা নাই।









