
অৱশেষত আমেৰিকাই প্ৰেৰণ কৰা চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে উদ্যোগপতি গৌতম আদানি (Gautam Adani) আৰু তেওঁৰ ভতিজাক সাগৰ আদানিয়ে। এই চমন প্ৰেৰণ কৰিছে আমেৰিকাৰ এছ ই চিয়ে (Securities and Exchange Commission)।

চমনত আদানি গ্ৰুপৰ বিৰুদ্ধে বিপুল পৰিমাণৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে যোৱা বছৰ আহমেদাবাদ আদালতক আদানিক চমন জাৰি কৰিবলৈ নিৰ্দেশ দিছিল। সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা এক বাতৰি অনুসৰি, আদানিয়ে এই চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে।
এছ ই চি আৰু নিউয়ৰ্কৰ ন্যায় বিভাগে একেলগে আদানি গ্ৰুপৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গৌতম আৰু তেওঁৰ ভতিজাক সাগৰৰ বিৰুদ্ধে আদানি গ্ৰীণছ লিমিটেডৰ ক্ষমতাত ভাৰত চৰকাৰৰ বিষয়াক গোপনে উৎকোচ দি বজাৰৰ হাৰতকৈ অধিক বিদ্যুতৰ চুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পৰা আদানি গ্ৰীণ আৰু এজুৰ পাৱাৰ নামৰ সৌৰশক্তি কোম্পানী এটা লাভৱান হৈছিল। বিষয়টো এছ ই চিৰ ৱেবছাইটত পঞ্জীয়ন কৰা হৈছে। ২০২৪ চনৰ নৱেম্বৰ মাহত নিউয়ৰ্কৰ ব্ৰুকলিন জিলা আদালতত আদানি গ্ৰুপৰ বিৰুদ্ধে গোচৰ তৰিছিল।
এই গোচৰটো আমেৰিকাত ৰুজু কৰা কাৰণ হৈছে আদানি গ্ৰীণে আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা প্ৰায় ১৭৫ মিলিয়ন ডলাৰ সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে। নিউয়ৰ্ক ষ্টক এক্সচেঞ্জতো বিক্ৰী হৈছিল এজুৰ পাৱাৰৰ শ্বেয়াৰ। এজুৰৰ সঞ্চালক চাইৰিল কেবানেছৰ বিৰুদ্ধেও এছ ই চিয়ে অভিযোগ দাখিল কৰিছে।
ভাৰতলৈ চমন প্ৰেৰণৰ বাবে হেগ কনভেনচনৰ সহায় লৈছে এছ ই চিয়ে। আইনী সহযোগিতাৰ এই আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰত অংশীদাৰ। গতিকে আন এখন অংশীদাৰ দেশৰ পৰা যদি আইনী সাহায্যৰ অনুৰোধ পোৱা যায়, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সেই অনুৰোধ গ্ৰহণ কৰিবলৈ কাৰ্যকৰীভাৱে বাধ্য হয়।
সেয়েহে আহমেদাবাদ আদালতে আইন মন্ত্ৰালয়ক অনুৰোধ কৰিবলগীয়া হৈছিল যে উৎকোচ আৰু ছিকিউৰিটিজ জালিয়াতিৰ গোচৰটোত মুঠ ২৬৫ মিলিয়ন ডলাৰৰ চমন এছ ই চিৰ পৰা আদানিৰ স্থানীয় ঠিকনাত পঠিয়াব লাগে। সূত্ৰৰ পৰা জানিব পৰা মতে, অৱশেষত গৌতম-সাগৰে প্ৰাৰম্ভিক দ্বিধাবোধৰ মাজতো চমন গ্ৰহণ কৰিবলৈ সন্মত হৈছে। পি টি আইৰ বাতৰি অনুসৰি, আদানিৰ আমেৰিকাৰ অধিবক্তাই এই চমন গ্ৰহণ কৰিব।
ফলত আদালতে অভিযুক্ত দুজনৰ বিৰুদ্ধে অধিক আইনী কাৰ্যবিধি আৰম্ভ কৰিব। ন্যায়াধীশৰ অনুমোদন সাপেক্ষে আদানিয়ে ৯০ দিনৰ ভিতৰত তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰিবলৈ বা প্ৰতিৰক্ষাৰ নথি দাখিল কৰিবলৈ আবেদন দাখিল কৰিব পাৰে।
ইয়াৰ পিছত আৰু ৬০ দিনৰ ভিতৰত এছ ই চিয়ে আদালতত নিজৰ বিবৃতি আৰু প্ৰমাণ দাখিল কৰিব। এছ ই চিয়ে উত্থাপন কৰা চূড়ান্ত অভিযোগৰ উত্তৰ দিবলৈ আৰু ৪৫ দিনৰ সময় দিয়া হ’ব গৌতম আৰু সাগৰক।









