
অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক (Draupadi Murmu) আমন্ত্ৰণ জনাইছে ৰাম জন্মভূমি ট্ৰাষ্টে। শুকুৰবাৰে সংবাদ সংস্থা পি টি আইক এই কথা সদৰী কৰে ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই।

সংবাদ সংস্থা পি টি আইক নৃপেন্দ্ৰই জনোৱা মতে, ৰাম জন্মভূমি ট্ৰাষ্টে ৰাষ্ট্ৰপতিক মন্দিৰটো পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছে।
শেহতীয়াকৈ একাংশ সদস্যই ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণী-পত্ৰ প্ৰদান কৰে। নৃপেন্দ্ৰই কয়, “আমি আশা কৰিছোঁ যে ৰাষ্ট্ৰপতিয়ে নিজৰ সময়সূচী অনুসৰি এটা তাৰিখ নিৰ্ধাৰণ কৰি, সম্ভৱতঃ মাৰ্চ মাহত ৰাম মন্দিৰলৈ আহিব।”
অৱশ্যে এই বিষয়ত এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। অৱশ্যে নৃপেন্দ্ৰই দাবী কৰিছে যে ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে। নৃপেন্দ্ৰই লগতে কয় যে ৰাম জন্মভূমি ট্ৰাষ্টে মন্দিৰ চৌহদত বিভিন্ন ভাৰতীয় ভাষাৰ প্ৰাচীন ৰামায়ণ আৰু বাল্মিকীৰ ৰামায়ণৰ অনুবাদ সংৰক্ষণ আৰু সুৰক্ষাৰ পৰিকল্পনা কৰিছে।
ৰাম মন্দিৰ চৌহদত ৰখা হ’ব ৰামায়ণৰ সৈতে জড়িত প্ৰাচীন পাণ্ডুলিপি। লগতে তেওঁ ইয়াৰ বিষয়ে বিতং তথ্যও দিয়ে। নৃপেন্দ্ৰই কয়, “নতুন দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে ৰাম জন্মভূমি ট্ৰাষ্টক ৪০০ বছৰীয়া বিৰল পাণ্ডুলিপি উপহাৰ দিছে। প্ৰাচীন সংস্কৃত লিপিত বাল্মিকীৰ শব্দ আছে।”
তেওঁ লগতে কয়, “পাণ্ডুলিপিখন পূৰ্বে ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়ক দিয়া হৈছিল। কিন্তু যেতিয়া বিশ্ববিদ্যালয়ে গম পালে যে ৰাম মন্দিৰৰ দ্বিতীয় মহলাত ৰামায়ণ সম্পৰ্কীয় সাহিত্যৰ বাবে বিশেষ স্থান নিৰ্ধাৰণ কৰা হৈছে, তেতিয়া তেওঁলোকে ট্ৰাষ্টৰ অনুৰোধত পাণ্ডুলিপিখন স্থায়ীভাৱে উপহাৰ দিয়াৰ সিদ্ধান্ত লয়।”









