
সকলো স্কুলীয়া ছোৱালীক বিনামূলীয়াকৈ চেনিটেৰী নেপকিন দিব লাগিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court of India) এই নিৰ্দেশ প্ৰদান কৰে। নিৰ্দেশটোত কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়তে পৰিৱেশ অনুকূল চেনিটেৰী নেপকিনৰ ব্যৱস্থা থাকিব লাগে। কৰ্তৃপক্ষই ছোৱালীয়ে বিচাৰিলে বিনামূলীয়াকৈ সেয়া পোৱাটো নিশ্চিত কৰিব লাগিব।

এই আদেশ চৰকাৰী বা ব্যক্তিগত যিকোনো বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি আদালতে জানিবলৈ দিয়ে। বিদ্যালয়ত ল’ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ শৌচাগাৰৰো ব্যৱস্থা কৰিব লাগে বুলি ন্যায়ালয়ে উল্লেখ কৰে।
ছোৱালীৰ ঋতুস্ৰাৱৰ স্বাস্থ্য সম্পৰ্কীয় এটা গোচৰ ২০২৪ চনৰ পৰা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।
শুকুৰবাৰে ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে ঋতুস্ৰাৱৰ স্বাস্থ্য নিশ্চিত কৰাটো সংবিধানে স্বীকৃতি দিয়া মৌলিক অধিকাৰৰ অন্তৰ্গত। যিকোনো ছোৱালীয়ে সেই অধিকাৰ দাবী কৰিব পাৰে।
এই প্ৰসংগত আদালতে ভাৰতৰ সংবিধানৰ ২১ নং দফাত সন্নিৱিষ্ট অধিকাৰৰ কথা উল্লেখ কৰে। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক এই আদেশ মানি চলিবলৈ কোৱা হৈছে। আদালতে কয় যে প্ৰতিখন বিদ্যালয়তে ল’ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগে।
উচ্চতম ন্যায়ালয়ে কয় যে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়তে বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ শৌচাগাৰ থাকিব লাগিব। যদি কোনো বিদ্যালয়ত ছাত্ৰীৰ বাবে চেনিটেৰী পেড বা শৌচাগাৰ নাথাকে তেন্তে সংশ্লিষ্ট ৰাজ্য চৰকাৰে আদালতত উত্তৰ দিব লাগিব। যদি কোনো ব্যক্তিগত বিদ্যালয়ে এই নিয়ম মানি নচলে তেন্তে সংশ্লিষ্ট বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব পৰা যাব বুলি আদালতে জানিবলৈ দিয়ে।
২০২৪ চনৰ ১০ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত স্কুলীয়া ছাত্ৰীৰ ঋতুস্ৰাৱৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছিল।
বাদীয়ে কেৱল নিৰ্দিষ্ট ৰাজ্যতে বিচৰা নাছিল, সমগ্ৰ দেশতে এই ক্ষেত্ৰত একেধৰণৰ নিয়ম বিচাৰিছিল। এই গোচৰটোত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰীৰ সৈতে জড়িত আছিল। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উক্ত গোচৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক এই নিৰ্দেশ দিয়ে।










