![]()
এজন যুৱকে ধেমালিতে সকলোৰে সন্মুখত পত্নীক বান্দৰ বুলি ঠাট্টা (Teasing wife as Monkey) কৰে। সেই সময়ত পত্নীয়ে একো নোকোৱাকৈ মনে মনে ঘৰৰ ভিতৰলৈ সোমাই যায়। ইফালে আত্মীয়-স্বজন কথা-বতৰাত ব্যস্ত হৈ পৰে। ফলত তেওঁলোকে লক্ষ্য কৰা নাছিল যে তেওঁ দ্বিতীয়বাৰ তেওঁ ঘৰৰ পৰা ওলাই অহা নাছিল। সন্দেহ হোৱাত স্বামীয়ে তেওঁক মাতিবলৈ যায়। কিন্তু কোঠাটো ভিতৰৰ পৰা বন্ধ আছিল। খিৰিকীৰে ভুমুকিয়াই চাই যুৱকজনে চিঞৰি উঠে। দেখা গ’ল যে যুৱতীগৰাকী এখন ওৰণিৰে চিপ লৈ চিলিং ফেনত ওলমি আছে। উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ লক্ষ্ণৌ (Lucknow)ৰ ইন্দিৰানগৰ আৰক্ষী থানা এলেকাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱতীগৰাকীৰ নাম তনু সিং। সৱদটগঞ্জৰ লকাৰমাণ্ডীৰ বাসিন্দা। চাৰি বছৰ পূৰ্বে ইন্দিৰানগৰৰ টাক্ৰ’হী অঞ্চলৰ ৰাহুল শ্ৰীবাস্তৱৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এটা অনুষ্ঠানত বন্ধু-বান্ধৱীৰ জৰিয়তে তনু আৰু ৰাহুলৰ পৰিচয় হৈছিল। তাৰ পিছত প্ৰেম। শেষত পৰিয়ালৰ সন্মতিসাপেক্ষে বিবাহৰ ব্যৱস্থা কৰা হৈছিল। ৰাহুল পেছাত অটোচালক। তেওঁ পত্নী তনুৰ সৈতে ইন্দিৰানগৰত বাস কৰিছিল।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে সন্ধিয়া সীতাপুৰৰ এজন আত্মীয়ৰ ঘৰৰ পৰা উভতি আহে দম্পতীহাল। সেই সময়ত ঘৰত আত্মীয়ও উপস্থিত আছিল। হাঁহি-ধেমালি হয়। সেই সময়ত ৰাহুলে সকলোৰে সন্মুখত পত্নীক ‘বান্দৰ’ বুলি মাতিছিল।
ইফালে স্বামীৰ পৰা এই কথা শুনি তনু মনে মনে ঘৰৰ ভিতৰলৈ সোমাই যায়। কিন্তু এঘণ্টাৰ পাছতো যেতিয়া তেওঁ ওলাই নাহিল, তেতিয়া সন্দেহৰ সৃষ্টি হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে। তনুৰ ভনীয়েকে কয় যে বায়েকৰ মডেলিঙৰ চখ আছিল। তাকে লৈ ঠাট্টা কৰাৰ বাবেই তেওঁ আত্মহত্যা কৰিলে নেকি সেই লৈ সন্দেহ বাঢ়িছে।









