![]()
কেপ্টেইন সুমিত কাপুৰ (Captain Sumit Kapoor) ওৰফে বাণী। এই নামেৰেই তেওঁ পৰিচিত পাইলটৰ পৰা তেওঁৰ আত্মীয়লৈকে। বাৰামতী বিমান দুৰ্ঘটনাত (Baramati plane crash) বাণীৰ মৃত্যু হোৱা তিনিদিন হ’ল। দুৰ্ঘটনাটোত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতাকে ধৰি ৫জন লোকৰ একে সময়তে মৃত্যু হয়। বৃহস্পতিবাৰে দিল্লীত বাণীৰ অন্তিম সংস্কাৰ কৰা হয়। বৃদ্ধ পিতৃ, পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাৰে গঠিত তেওঁৰ পৰিয়ালটো। সুমিতৰ পুত্ৰ শিৱও পাইলট। কন্যা ছানিয়াৰো বিয়া হৈছে পাইলটৰ সৈতে। সুমিতৰ আত্মীয়ই কয়, “তেওঁ আমাৰ সকলোৰে বাবে বাণী বুলিয়েই পৰিচিত আছিল। বাণী অবিহনে কোনো পাৰিবাৰিক অনুষ্ঠান কল্পনা কৰিব নোৱাৰিছিলোঁ। সকলোৰে সুখ আৰু আনন্দৰ প্ৰেৰণা আছিল তেওঁ।” মৰমৰ বাণীক হেৰুৱাই শোক প্ৰকাশ কৰিছে পৰিয়ালটোৱে। কিছুদিন পূৰ্বে হংকঙৰ পৰা উভতি আহিছিল সুমিত। বুধবাৰে তেওঁ অজিত পাৱাৰৰ বিমান উৰুওৱাৰ কথা নাছিল। সুমিতৰ বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে এটা সংবাদ মাধ্যমক জনোৱা মতে, সেইদিনা আন এজন পাইলটে বিমানখন উৰুৱাৰ কথা আছিল। কিন্তু তেওঁ যান-জঁটৰ বাবে আবদ্ধ হৈ পৰে। তাৰ পাছত শেষ মুহূৰ্তত বিমান উৰুওৱাৰ দায়িত্ব সুমিতৰ ওপৰত পৰে।
অজিত পাৱাৰক কঢ়িয়াই নিয়া লিয়াৰজেট ৪৫ বিমানখনে পুৱা ৮ বজাত মুম্বাইৰ পৰা বাৰামতী অভিমুখে ৰাওনা হয়। পুৱা ঠিক ৮.৪৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, পাইলট সুমিত, সহ-পাইলট শম্ভৱী পাঠক, বিমান পৰিচাৰিকা পিংকি মালি আৰু অজিত পাৱাৰৰ নিৰাপত্তাৰক্ষী বিদীপ যাদৱৰ মৃত্যু হয়।

প্ৰাৰম্ভিক তদন্তত দাবী কৰা হৈছে যে কম দৃশ্যমানতাৰ বাবে বিমানখন অৱতৰণ কৰাৰ সময়ত পাইলটে লোৱা ‘ভুল সিদ্ধান্ত’ৰ বাবেই এই ঘটনা সংঘটিত হ’ব পাৰে। কিন্তু সুমিতৰ বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰে যে সুমিত এজন অভিজ্ঞ পাইলট আছিল। তেওঁৰ ২০ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল। তেওঁ বিমান প্ৰযুক্তিবিদ্যাত ইমানেই পাকৈত আছিল যে জেট এয়াৰৱেজে তেওঁক বয়িং ৭৩৭ পৰীক্ষক হিচাপেও নিযুক্তি দিছিল। ৯০ দশকৰ ছাহাৰা এয়াৰলাইন্সৰ আটাইতকৈ দক্ষ পাইলট আছিল তেওঁ। আনকি তেওঁৰ সহকৰ্মীসকলে তেওঁক কোম্পানীটোৰ অধ্যক্ষৰ ‘সোঁহাত’ বুলিও অভিহিত কৰিছিল। এজন সহযোগী পাইলটে কৈছিল, “বয়িং ৭৩৭ পৰীক্ষক হোৱাৰ অৰ্থ হ’ল অসামৰিক বিমান পৰিবহণৰ জগতখনৰ শিখৰত উপনীত হোৱা। আৰু সেয়া আছিল সুমিতৰ নিজৰ দক্ষতা।”
বাণীয়ে আন পাইলটকো প্ৰশিক্ষণ দিছিল। যোৱা পাঁচ বছৰ ধৰি তেওঁ ভি এছ আৰ এভিয়েচনৰ সৈতে জড়িত আছিল। যেতিয়াই তেওঁ এই কোম্পানীৰ বিমান উৰুৱাইছিল, তেতিয়াই সহ-পাইলটৰ আসনত শম্ভৱী পাঠক আছিল। বিমান দুৰ্ঘটনাত শম্ভৱীৰো মৃত্যু হয়। সুমিতৰ বন্ধুসকলে বিশ্বাস কৰিব নোৱাৰে যে তেওঁৰ সিদ্ধান্তত কোনো ‘ত্ৰুটি’ আছিল। সেয়েহে সঠিক তদন্তৰ দাবী জনাইছে।










