![]()
জম্মু-কাশ্মীৰত (J&K) চলি আছে নিৰাপত্তাৰক্ষীৰ অভিযান। কিষ্টৱাৰৰ বৃহৎ অঞ্চলত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। জানিব পৰা মতে, শুকুৰবাৰে মাজনিশা ১২ বজালৈকে এই সকলো অঞ্চলতে ইণ্টাৰনেট সেৱা (Internet Service) বন্ধ (stopped) থাকিব। চোৰাংচোৱা সংস্থাই সন্দেহ প্ৰকাশ কৰিছে যে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদ (Jaish-e-Mohammed)ৰ সদস্যই অঞ্চলটোত অনুপ্ৰৱেশ (Invasion) কৰিছে। এই ব্যৱস্থা তেওঁলোকক বাধা দিয়াৰ বাবে গ্ৰহণ কৰা হৈছে।
গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বৃহস্পতিবাৰে নিশা ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া বাহিনী কিষ্টৱাৰত উপস্থিত হৈ সন্ত্ৰাসবাদীৰ সন্ধানত প্ৰতিখন গাঁৱতে পুংখানুপুংখ তালাচী চলায়। অভিযান এতিয়াও অব্যাহত আছে। সন্ত্ৰাসবাদীয়ে যাতে ইজনে সিজনৰ লগত যোগাযোগ কৰিব নোৱাৰে তাৰবাবে নিশা ইণ্টাৰনেট স্থগিত ৰখাৰ সিদ্ধান্ত লয় প্ৰশাসনে। কিষ্টৱাৰৰ বাৰামুল্লা, চাত্ৰু আৰু চিংগাম অঞ্চলৰ ছিংপোৰাত ইণ্টাৰনেট বন্ধ আছে।

শুকুৰবাৰে নিশা ১১:৫৯ বজালৈকে কোনো ধৰণৰ ২জি, ৩জি, ৪জি বা ৫জি সেৱা উপলব্ধ নহ’ব। এই আটাইকেইটা অঞ্চলতে ছয় কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইণ্টাৰনেট উপলব্ধ নহ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত লোৱা হৈছে। চোৰাংচোৱাই অনুমান কৰিছে যে চাত্ৰু অঞ্চলত কেইজনমান সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে। নিৰাপত্তা বেষ্টনী ভংগ কৰি পাকিস্তানৰ পৰা তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে। চাত্ৰুৰ নাইডগাম আৰু অৰিগাম দাৱাথাৰ অঞ্চলত তালাচী অব্যাহত আছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
উল্লেখ্য যে যোৱা সপ্তাহত কাশ্মীৰৰ কঠুৱাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয়। চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে যে তেওঁৰো জৈছ গোটৰ সৈতে যোগাযোগ আছিল। যোৱা শুকুৰবাৰৰ ঘটনাৰ এসপ্তাহৰ পাছত পুনৰ কিষ্টৱাৰত সন্ত্ৰাসবাদী প্ৰৱেশৰ খবৰ আহিছে। চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে যে এই পাকিস্তানী গোটটোৱে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হ’বলৈ চেষ্টা কৰিছে। নিৰাপত্তাৰক্ষীয়ে এঘণ্টাৰ ভিতৰতে ইয়াক নিৰ্মূল কৰাৰ উদ্যোগ লৈছে। কিন্তু ইণ্টাৰনেট বন্ধ হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা। সন্ত্ৰাসবাদীয়ে চেটেলাইট ফোনযোগে ইজনে সিজনৰ লগত যোগাযোগ কৰিছে নেকি সেই বিষয়েও তদন্ত চলি আছে।










