
থানা চৌহদত ইউনিফৰ্ম পিন্ধি নৃত্য। সেই ভিডিঅ’টো আকৌ ছ’চিয়েল মিডিয়াতো আপলোড হয়। ঝাৰখণ্ডৰ এজন আৰক্ষী বিষয়াৰ এই ঘটনাক লৈ এতিয়া নেট জগতত বিতৰ্ক তুংগত।

মনোৰঞ্জনৰ নামত নিজৰ পেছাদাৰী দায়িত্ব পাহৰি যোৱাৰ মূল্যও দিবলগা হ’ল। গণৰাজ্য দিৱসত পত্নীৰ সৈতে ৰিল বনাই অৱশেষত পদবী হেৰুৱালে পালামু জিলাৰ হুছেইনবাদ থানাৰ পৰিদৰ্শক সোণু চৌধুৰীয়ে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে সোণু চৌধুৰীয়ে থানাৰ ভিতৰত পত্নীৰ সৈতে ছন্দত নাচিছে। তেওঁ পিন্ধিছে আৰক্ষীৰ ইউনিফৰ্ম।
আনকি নাচি থাকোঁতে পত্নীৰ মূৰত নিজৰ টুপীটোও পিন্ধাই দিয়ে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সমালোচনাৰ ধুমুহা সৃষ্টি হয়। কোনোবাই কটুভাৱে লিখিছে, “চাকৰিতো গ’লেই, এতিয়া ঘৰতে বহি মন দি ৰিল বনাওক।” কোনোবাই আকৌ পোনপটীয়াকৈ আৰক্ষীৰ কৰ্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে।
প্ৰশাসনে অৱশ্যে এই ঘটনাক একেবাৰে সহজভাৱে লোৱা নাই। পালামুৰুৰ আৰক্ষী অধীক্ষক ৰেচমা ৰমেশনে কয় যে সোণু চৌধুৰীক পদৰ পৰা অপসাৰণ কৰা হৈছে আৰু তেওঁৰ ঠাইত চন্দন কুমাৰক দায়িত্ব দিয়া হৈছে। পালামুৰু ৰেঞ্জৰ ডি আই জি কিশোৰ কৌশলে এই ঘটনা সন্দৰ্ভত বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। আৰক্ষীৰ শীর্ষ দলৰ স্পষ্ট বার্তা হ’ল ইউনিফর্ম পিন্ধি কৰা এনে আচৰণ চৰম বিশৃংখলতা৷ এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
উল্লেখ্য যে সোণু চৌধুৰী ২০১২ বেটচৰ আৰক্ষী বিষয়া। এই বছৰ তেওঁ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে। বিহাৰ সীমান্তৰ গাতে লাগি থকা হুছেইনবাদ থানাত তেওঁ কাম কৰি থকা অঞ্চলটো নক্সালবাদৰ কাৰ্যকলাপৰ বাবে সদায় স্পৰ্শকাতৰ হৈ আহিছে। ইমান গুৰুত্বপূৰ্ণ পদত তেওঁৰ আচৰণ এই দেখি বহুতে স্তম্ভিত হৈ পৰিছে।









