
দেশজুৰি অনুষ্ঠিত ১৮ হাজাৰ চাকৰি মেলাৰ (Job Mela) পৰা ২.২২ কোটি লোকে চাকৰি লাভ কৰে। যোৱা বছৰৰ পৰিসংখ্যাৰ উদ্ধৃতি দি বৃহস্পতিবাৰে ৰাজ্যসভাত এই মন্তব্য কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডবিয়াৰ।

ইয়াৰ সমান্তৰালকৈ তেওঁ দাবী কৰে যে দেশত নিবনুৱাৰ হাৰ হ্ৰাস পাইছে। বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে নিয়োগ বৃদ্ধিৰ বাবে সমগ্ৰ দেশতে নিবনুৱাৰ হাৰ ৩.২ শতাংশলৈ হ্ৰাস পাইছে। যিটো উন্নত দেশতকৈ বহু কম।
নিবনুৱাৰ হাৰ হ্ৰাস কৰিবলৈ ‘নেচনেল কেৰিয়াৰ ছাৰ্ভিচ’ নামৰ পৰ্টেল এটাও সৃষ্টি কৰা হৈছে। য’ত প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সকলো তথ্য একে ঠাইতে পোৱা যায়। ৰাজ্য চৰকাৰৰ সকলো পৰ্টেল আৰু ৫৫ লাখৰো অধিক ব্যক্তিগত সংস্থা এই পৰ্টেলৰ সৈতে সংযুক্ত হৈ আছে।
মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে বিগত ১০ বছৰত ৬ কোটিৰো অধিক যুৱকে পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে।
গিগ কৰ্মী সন্দৰ্ভত তেওঁ কয় যে নতুন শ্ৰম আইনখনে প্ৰায় ২ কোটি গিগ কৰ্মীৰ বাবে সামাজিক আৰু স্বাস্থ্য সুৰক্ষা প্ৰদান কৰিছে।










