
বুধবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ (Ajit Pawar) বিমান দুৰ্ঘটনাত মৃত্যু হয়। এইবাৰ অজিত পাৱাৰৰ পত্নী সুনেত্ৰাক এই পদ প্ৰদানৰ দাবী এন চি পিত অধিক শক্তিশালী হৈ পৰিছে।

বৃহস্পতিবাৰে এন চি পিৰ নেতা তথা মন্ত্ৰী নৰহৰি জিৰৱালে দাবী কৰে যে ৰাজ্যসভাৰ সাংসদ সুনেত্ৰাক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াটো এন চি পিৰ প্ৰয়াত নেতাগৰাকীৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব।
এই সিদ্ধান্তই পাৱাৰ পৰিয়ালৰ ৰাজনৈতিক উত্তৰাধিকাৰতো সহায় কৰিব বুলিও তেওঁ কয়। নৰহৰিয়ে সুনেত্ৰাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পূৰ্বে এতিয়াই মন্ত্ৰীসভাৰ সদস্য অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে । লগতে দলৰ অভিজ্ঞ নেতৃত্বক এই বিষয়ত আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাব।
উল্লেখ্য যে খুড়াক আৰু ভতিজাকৰ মাজৰ দূৰত্বৰ বাবে এন চি পিৰ মাজত বিভাজন হৈছিল। অজিত পাৱাৰ শিবিৰে এন চি পিৰ প্ৰতীক লাভ কৰে। খুড়াক শৰদ পাৱাৰৰ দলটোক এন চি পি (শৰদ চন্দ্ৰ পাৱাৰ) নাম দিয়া হয়। আনহাতে, পৰৱৰ্তী সময়ত অজিত পাৱাৰে বিজেপিৰ পৰা বিচ্ছিন্ন হৈ খুড়াকৰ সৈতে হাত মিলাব বিচাৰিছিল বুলি চৰ্চা চলিছে।
এন চি পিৰ দুয়োটা শাখা একত্ৰিত হোৱাৰ কথাও চৰ্চালৈ আহিছে। অজিত পাৱাৰৰ অনুপস্থিতিত দুয়োটা শিবিৰ একত্ৰিত হ’বনে নহয় সেই সন্দৰ্ভত নৰহৰিয়ে দাবী কৰে যে ইতিমধ্যে দূৰত্ব কমিবলৈ আৰম্ভ কৰিছে। বুজি পোৱা গৈছে যে পৃথক হৈ থাকি লাভ নাই। তেওঁ দাবী কৰে যে পুনৰ একত্ৰীকৰণ কেৱল সময়ৰ অপেক্ষা।









