
ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, ফ্ৰান্সে প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে ছ’চিয়েল মিডিয়া (Social Media) ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।ইংলেণ্ডেও ইয়াক অনুসৰণ কৰিছে। এইবাৰ ভাৰতত শিশুসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ ইংগিত পোৱা গৈছে।

বৃহস্পতিবাৰে সংসদত চৰকাৰৰ এক সমীক্ষা প্ৰতিবেদনত কোৱা হৈছে যে অনলাইন আসক্তি হ্ৰাস কৰিবলৈ অনলাইন ক্লাছ হ্ৰাস কৰিব লাগে।
অনলাইন ক্লাছৰ বাবে নিৰ্দিষ্ট বয়স নিৰ্ধাৰণ কৰাৰো পৰামৰ্শ দিয়া হৈছে। ভাৰ্চুৱেল জগতখনৰ সৈতে কেনেকৈ সম্পৰ্ক স্থাপন কৰিব লাগে সেই বিষয়ে শিকোৱাৰ বাবে বিদ্যালয়সমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে। পাঠদানত বিকল্প, সহজ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰ সমান্তৰালকৈ জুৱা আৰু অনুপযুক্ত বিজ্ঞাপনৰ সন্দৰ্ভতো সতৰ্কবাণী জাৰি কৰা হৈছে। চাইবাৰ সুৰক্ষা আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পৰামৰ্শ দিয়া হৈছে নিৰ্দিষ্ট স্ক্ৰীনিং সময়ৰ ওপৰত। ভাৰ্চুৱেল জগতৰ বাহিৰৰ বিভিন্ন কাম-কাজক উৎসাহিত কৰাৰ পৰামৰ্শও এই সমীক্ষাত প্ৰকাশ কৰিছে।
ইয়াৰ লগতে আন এক বাৰ্তা হৈছে, অভিভাৱকসকলে তেওঁলোকৰ মোবাইল, লেপটপ, কম্পিউটাৰ, টেববোৰ শিশুৰ বাবে সহজে উপলব্ধ কৰি তুলিব নালাগে। নাবালকসকলক অনলাইন নিচা দূৰ কৰাত সহায় কৰিবলৈ অভিভাৱকৰ বাবে কৰ্মশালাৰ আয়োজন কৰাৰো পৰামৰ্শ দিয়া হৈছে। অনলাইন আসক্তি হ্ৰাস কৰিলে যৌনতা আৰু হিংসাৰ দৰে আচৰণ ৰোধ কৰিব পৰা যায় বুলিও বিশ্বাস কৰা হয়।









