![]()
আক্ৰমণৰ পাঁচ দিনৰ পাছত দিল্লী আৰক্ষীৰ স্পেচিয়েল ৱেপনছ্ এণ্ড টেকটিচ (SWAT) ইউনিটৰ এগৰাকী মহিলা কমাণ্ডো (Woman Commando) কাজল চৌধুৰীৰ মৃত্যু (Kajol Chowdhury’s death)। স্বামী অংকুৰ চৌধুৰী (Husben Ankur Chowdhury)ৰ বিৰুদ্ধে হত্যাৰ অভিযোগ (Murder charge) উত্থাপন হৈছে। কাজল আৰু অংকুৰে দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা মৰেত বাস কৰিছিল। তেওঁলোকৰ এটি ডেৰ বছৰীয়া সন্তানো আছে। ২০২৩ চনত কাজল আৰু অংকুৰৰ বিয়া হৈছিল। প্ৰথম অৱস্থাত আৰক্ষীয়ে জানিব পাৰিছে যে কাজল চাৰি মাহৰ গৰ্ভৱতী আছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি, কাজলৰ স্বামীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ত কাম কৰে। প্ৰাৰম্ভিক তথ্য মতে, বিয়াৰ পিছত কাজলৰ লগত অংকুৰৰ আৰ্থিক সমস্যাক লৈ অশান্তি হ’বলৈ আৰম্ভ কৰে। আগতে প্ৰায় প্ৰতিদিনে দুয়োৰে কাজিয়া হৈছিল। ২২ জানুৱাৰীত সমস্যাই শিখৰত উপনীত হয়। জানিব পৰা মতে, তাৰ পিছত অংকুৰে বাৰে বাৰে ডাম্বলেৰে মূৰত আঘাত কৰে। কেৱল সেয়াই নহয়, কাজলৰ মূৰটো ঘৰৰ বেৰতো খুন্দা মাৰে।

কাজলৰ ভাতৃ নিখিলো এজন আৰক্ষী বিষয়া। তেওঁ সংসদ থানাৰ কনিষ্টবল। নিখিলে দাবী কৰে যে তেওঁ ভনীয়েকক আক্ৰমণ কৰা সময়ত তেওঁৰ সৈতে ফোনত কথা পাতি আছিল। অলপ পিছতে অংকুৰে নিখিলক ফোন কৰি কয় যে তেওঁ কাজলক মাৰপিট কৰিছে। নিখিলে লগতে অভিযোগ কৰে যে বায়েকৰ শাহুৱেক আৰু ভনীয়েকে যৌতুক বিচাৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল।
আগতে তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল। ২২ জানুৱাৰীত কাজলৰ ওপৰত হোৱা নিৰ্যাতনৰ খবৰ পোৱাৰ পিছত পিতৃৰ পৰিয়ালে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কাজলক উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে তেওঁৰ মৃত্যু হয়। কাজলৰ পৰিয়ালে অংকুৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।










