
সাত বছৰীয়া নাবালিকাক ধৰ্ষণ (Minor Rape) কৰি হত্যা। ঘনিষ্ঠ আত্মীয়ৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। এই ঘটনাই স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত।

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, এগৰাকী সাত বছৰীয়া শিশুৰ আত্মীয়ৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৭ বছৰীয়া অভিযুক্ত কিশোৰজনক।
শিশুটিক হত্যা কৰাৰ পিছত মৃতদেহটো খালত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। বৰুৱাৰী জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে লগতে জনোৱা মতে, যোৱা ২৬ জানুৱাৰীত ইন্দিৰাসাগৰ খালৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ৰাজপুৰ থানাত এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যায় যে শিশুটিৰ খালৰ পানীত ডুবি মৃত্যু হয়। তেওঁৰ ব্যক্তিগত অংগবোৰো আঘাতপ্ৰাপ্ত হৈছে। অভিযুক্ত কিশোৰগৰাকীয়ে জেৰাত আৰক্ষীক জনোৱা মতে, যোৱা ২৫ জানুৱাৰীৰ নিশা শিশুটিক তেওঁৰ ঘৰৰ পৰা উঠাই লৈ গৈছিল।
সেই সময়ত ঘৰৰ সদস্যসকল শুই আছিল। গভীৰ নিশা খালৰ সমীপত শিশুটিক ধৰ্ষণ কৰি হত্যা কৰে। ধৰ্ষণৰ সময়ত শিশুটিয়ে বিষত চিঞৰি উঠে। তাৰ পিছত তেওঁক খালটোত পেলাই দিয়ে। তাতেই ডুব গৈ তেওঁৰ মৃত্যু হয়। অভিযুক্ত কিশোৰজনৰ বিৰুদ্ধে বি এন এছৰ লগতে পক্সো (POCSO) আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।










