
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ (Ajit Pawar) মৃত্যুৰ ২৪ ঘণ্টাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ হয়। যিকোনো বিমানৰ ব্লেক বক্সত বিমানখনৰ গতিবিধিৰ সকলো তথ্য আৰু ককপিটৰ ভিতৰত হোৱা কথা-বতৰাৰ ৰেকৰ্ড থাকে।

ফলত ব্লেক বক্সত থকা তথ্য পৰীক্ষা কৰিলেই গম পোৱা যাব অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে ককপিটত সঠিকভাৱে কি হৈছিল।
বুধবাৰে পুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সন্ধিয়া এয়াৰ এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰোৰ এটা বিশেষ দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। ফৰেনছিক তদন্ত আৰম্ভ হৈছে।
সূত্ৰ অনুসৰি, তদন্তকাৰীয়ে বৃহস্পতিবাৰে পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱা লিয়াৰজেট-৪৫ মডেলৰ বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰে। ইয়াত থকা তথ্য বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে। সম্পূৰ্ণ প্ৰতিবেদন আহিলেহে গম পোৱা যাব দুৰ্ঘটনাৰ আগমুহূৰ্তত ককপিটৰ ভিতৰত সঠিকভাৱে কি হৈছিল।
কিন্তু বিমান নিয়ন্ত্ৰক সংস্থা ডি জি চি এৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে দুৰ্ঘটনাৰ ঠিক আগতে বিমান কৰ্মী দুগৰাকীৰ এজনে (এজন পাইলট, আনগৰাকী ফাৰ্ষ্ট অফিচাৰ) চিঞৰিছিল, “অ’ ছিট!” এই অশ্লীল যেন লগা ইংৰাজী শব্দবোৰ সাধাৰণতে কিবা এটা ভুল হ’লে বা কোনোবাই কিবা এটাত হতাশ হ’লে ব্যৱহাৰ কৰা হয়।
ইয়াৰ পিছত বিমানখনৰ পৰা আৰু কোনো সঁহাৰি পোৱা নগ’ল। অৱশেষত বুধবাৰে পুৱা ৮.৪৩ বজাত বিমানখন ভূপতিত হয়।
যদিও ব্লেক বক্স বুলি কোৱা হয়, ককপিটত থকা এই যন্ত্ৰটোৰ ৰং কিন্তু ক’লা নহয়। বৰঞ্চ বাকচটো সাধাৰণতে কমলা ৰঙৰ হয়।
যন্ত্ৰটোত ইমান উজ্জ্বল ৰঙেৰে ৰং কৰা হৈছে যাতে বিমানৰ ধ্বংসাৱশেষতো ইয়াক সহজে বিচাৰি পোৱা যায়। ব্লেক বক্সটোত দুটা ডিভাইচ আছে- ককপিট ভইচ ৰেকৰ্ডাৰ (চি ভি আৰ) আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফ ডি আৰ)।
ককপিটৰ ভইচ ৰেকৰ্ডাৰটোৱে পাইলটৰ মাত আৰু ইঞ্জিনৰ শব্দৰ দৰে শব্দ ৰেকৰ্ড কৰে। পিছলৈ সেই তথ্য পৰীক্ষা কৰি তদন্তকাৰীয়ে ইঞ্জিনৰ গতি, যান্ত্ৰিক বিজুতি, পাইলট আৰু ক্ৰুৰ মাজত হোৱা কথা-বতৰা বা পাইলটসকলে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে তথ্য বিচাৰি উলিয়াব পাৰে।
আনহাতে, ফ্লাইট ডাটা ৰেকৰ্ডাৰে বিমানখনৰ উচ্চতা, বতাহৰ গতি ইত্যাদি নিৰীক্ষণ কৰে। সাধাৰণতে এই সকলো তথ্য উদ্ধাৰ আৰু বিশ্লেষণ কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগে। ইয়াৰ পিছতহে এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে সঠিকভাৱে গম পোৱা যায়।
উল্লেখ্য যে বৃহস্পতিবাৰে বাৰামতীত অজিত পাৱাৰৰ অন্তিম কাৰ্য সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে পালন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, অজিত পাৱাৰৰ খুড়াক তথা এন চি পি (এছ পি)ৰ মুৰব্বী শৰদ পাৱাৰো উপস্থিত থাকে।










