
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰৰ (Ajit Pawar) বিমান দুৰ্ঘটনাত বুধবাৰে মৃত্যু হয়। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বাৰামতীত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অজিত পাৱাৰৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব।

বুধবাৰে চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি ৫জন লোকৰ মৃত্যু হয়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়।
অৱশেষত হাতৰ ঘড়ী আৰু কাপোৰ চাই অজিত পাৱাৰৰ মৃতদেহটো চিনাক্ত কৰা হয়। অজিত পাৱাৰ মুম্বাইৰ পৰা বাৰামতীলৈ গৈ আছিল। তাত তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল। উৰণৰ ৪৫ মিনিটৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, অজিত পাৱাৰৰ মৃতদেহ শিক্ষানুষ্ঠানৰ চৌহদত ৰখা হৈছে। অনুগামী, দলীয় কৰ্মী আৰু সমৰ্থক সমবেত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অগণন সমৰ্থক আৰু অনুগামীয়ে চকুলো টুকিছে। অজিত পাৱাৰৰ অন্তিম অনুষ্ঠানত উপস্থিত থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে।
আনহাতে, সূত্ৰ অনুসৰি বাৰামতীত অজিত পাৱাৰৰ অন্তিম অনুষ্ঠানত উপস্থিত থাকিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো।
অজিত পাৱাৰৰ মৃত্যুৰ পিছতে ৰাজ্য চৰকাৰে মহাৰাষ্ট্ৰত তিনিদিনীয়া শোক ঘোষণা কৰিছে। মহাৰাষ্ট্ৰৰ সকলো বিদ্যালয় ৩০ জানুৱাৰীলৈ বন্ধ থাকিব। সকলো চৰকাৰী কাৰ্যালয়ো বন্ধ থাকিব। এই তিনিদিন অৰ্ধনমিত অৱস্থাত থাকিব ৰাষ্ট্ৰীয় পতাকা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰত বুধবাৰৰ পৰা শোক পালন কৰা হৈছে।
বুধবাৰৰ পৰা ৩০ জানুৱাৰীলৈ মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত পাঠদান বন্ধ থাকিব বুলি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে কয়। আনহাতে, ৰাজ্য চৰকাৰৰ সকলো অনুষ্ঠানো বাতিল কৰা হৈছে। ৰাজ্যৰ মনোৰঞ্জনমূলক কাৰ্যসূচীও তিনিদিনৰ বাবে বাতিল কৰা হৈছে। চৰকাৰী কাৰ্যালয়সমূহো বন্ধ থাকিব।









