
লক্ষ্ণৌৰ বিশেষ সাংসদ-বিধায়ক আদালতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ (Rahul Gandhi) বিৰুদ্ধে দ্বৈত নাগৰিকত্বৰ অভিযোগ উত্থাপন কৰা আবেদন খাৰিজ কৰে। ন্যায়াধীশ আলোক বাৰ্মাই ৰায়দান কৰাৰ সময়ত কয়, “নাগৰিকত্বৰ বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ এই আদালতৰ নাই।”

এই গোচৰৰ অভিযোগকাৰী কৰ্ণাটকৰ বিজেপি কৰ্মী এছ বিগনেশ চিছিৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন আৰু বিষয়টোৰ বিশদ তদন্ত বিচাৰিছিল।
অভিযোগকাৰীয়ে ৰাহুলৰ বিৰুদ্ধে বি এন এছ (ভাৰতীয় ন্যায় সংহিতা), অফিচিয়েল ছিক্ৰেট এক্ট, ফৰেনাৰ্ছ এক্ট আৰু পাছপ’ৰ্ট আইনৰ বিভিন্ন ধাৰাত কেইবাটাও অভিযোগ দাখিল কৰিছিল। ১৪ জানুৱাৰীত শুনানিৰ পিছত ন্যায়াধীশ বাৰ্মাই এই ৰায় সংৰক্ষিত কৰি ৰাখিছিল। প্ৰথমে ৰায়বেৰেলীৰ বিশেষ সাংসদ-বিধায়ক আদালতত এই অভিযোগ দাখিল কৰা হৈছিল।
কিন্তু যোৱা বছৰৰ ১৭ ডিচেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে অভিযোগকাৰীৰ আবেদনৰ ভিত্তিত ৰায়বেৰেলীৰ পৰা লক্ষ্ণৌলৈ অপৰাধমূলক অভিযোগৰ গোচৰটো হস্তান্তৰ কৰে। ইয়াৰ পূৰ্বে ২৫ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰাহুলৰ দ্বৈত নাগৰিকত্বৰ অভিযোগত দাখিল কৰা গোচৰ খাৰিজ কৰিছিল। বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে প্ৰথমে ৰাহুলৰ বিৰুদ্ধে নাগৰিকত্বৰ বিষয়টো উত্থাপন কৰিছিল।
২০১৯ চনৰ পৰাই ৰাহুলৰ নাগৰিকত্ব বিতৰ্ক অব্যাহত আছে। সেই সময়ত সুব্ৰমণিয়ামে ৰাহুলৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এজাহাৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে ব্ৰিটিছ প্ৰশাসনক দাখিল কৰা কিছুমান নথি-পত্ৰত ৰাহুলে নিজকে ব্ৰিটিছ নাগৰিক বুলি ঘোষণা কৰিছিল। পিছত এই সন্দৰ্ভত বিগনেশে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে।










