
আকাশত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে নামিছে বিমানখন। বতাহত কেইবাবাৰো লুটি খাই চকুৰ দৃষ্টিৰ পৰা অন্তৰ্ধান হৈছে। ইয়াৰ পিছত এটা বিস্ফোৰণ আৰু অগ্নিশিখা দেখা গ’ল। বুধবাৰে নিশা মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত বিমান দুৰ্ঘটনাৰ এক নতুন ভিডিঅ’ মুকলি কৰা হৈছে। বুধবাৰে পুৱা এই বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে (Ajit Pawar) ধৰি মুঠ ৫জন লোকৰ মৃত্যু হয়।

চিচিটিভি কেমেৰাৰ ফুটেজত দেখা গৈছে বাৰামতীৰ এটা মন্দিৰৰ সমীপত দ্রুত বেগত নামি অহা চাৰ্টাৰ্ড বিমানখন। আকাশত কেইবাবাৰো লুটি খাই কিছু সময়ৰ বাবে চকুৰ পৰা আঁতৰি গৈছে। ইয়াৰ পিছত জোপোহাৰ পৰা আৰু কাষৰ পৰা বিস্ফোৰণৰ জুই দেখা যায়। এই ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে বিমানখনে অৱতৰণৰ পূৰ্বে নিয়ন্ত্ৰণ হেৰুৱাইছিল। ইয়াৰ পিছত ৰাণৱে স্পৰ্শ কৰাৰ পূৰ্বে টান মাটিত খুন্দা মাৰি কেইবাটাও টুকুৰা হৈ ভাঙি জুই লাগিছিল।
ইয়াৰ পূৰ্বে পোহৰলৈ অহা চিচিটিভিৰ ফুটেজত দেখা গৈছে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনে এখন সৰু দোকানৰ পিছফালে খুন্দা মাৰিছিল। ইয়াৰ পিছত বিমানখনৰ পৰা জুই আৰু ধোঁৱা ওলাই অহা দেখা গ’ল।
বুধবাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ বিমানখনে পুৱা ৮.১০ বজাত মুম্বাই বিমানবন্দৰৰ পৰা বাৰামতীলৈ ৰাওনা হয়।লিয়াৰজেট-৪৫ কোম্পানীৰ সৰু ব্যক্তিগত জেটখনত আঠৰ পৰা ৯জন লোকৰ বহিব পৰা ব্যৱস্থা আছে। উৰণৰ ঠিক ৩৩ মিনিটৰ পাছত পুৱা ৮.৪৩ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
প্ৰথম অৱস্থাত অজিত পাৱাৰৰ বিমানখনৰ উৰণত কোনো ধৰণৰ ত্ৰুটি ধৰা পৰা নাছিল। পৰিসংখ্যা অনুসৰি, উৰণৰ ১০ মিনিটৰ ভিতৰতে অজিত পাৱাৰৰ বিমানখন সমুদ্ৰপৃষ্ঠৰ পৰা ছয় কিলোমিটাৰ উচ্চতাত উপনীত হয়। সেই সময়ত ইয়াৰ গতিবেগ আছিল ১,০৩৬ কিলোমিটাৰ প্ৰতি ঘণ্টা। এই বেগেৰে উৰিছিল বিমানখন।
দুৰ্ঘটনাৰ ঠিক আগতে বিমানখনৰ উচ্চতা ১,০১৬ মিটাৰলৈ হ্ৰাস পায়। ইয়াত গতিবেগ আছিল প্ৰতি ঘণ্টাত ২৩৭ কিলোমিটাৰ। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠিক আগতে পাইলটজনে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে যোগাযোগ কৰিছিল।
ৰাণৱে দেখা পোৱা নাই বুলি কয়। ইয়াৰ পিছত এবাৰ বিমানখন ঘূৰাই পুনৰ অৱতৰণ কৰিবলৈ চেষ্টা কৰে। এই সময়ত পাইলটে ৰাণৱে দেখা পোৱা বুলি কয়। কিন্তু তাৰ পিছত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ বিমানখনৰ ব্লেক বাকচটো পৰীক্ষা কৰা হৈছে।









