![]()
অষ্ট্ৰেলিয়াৰ আদৰ্শ অনুসৰণ কৰিছে গোৱা (Goa) চৰকাৰে। ১৬ বছৰৰ তলৰ (Under 16 years old) লোকে ছ’চিয়েল মিডিয়া (Social Media) ব্যৱহাৰ কৰাত নিষেধাজ্ঞা (Ban) আৰোপ কৰাৰ কথা চিন্তা কৰিছে গোৱাই। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, গোৱাৰ পৰ্যটন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰোহণ খৌণ্টে কয় যে অভিভাৱকৰ অভিযোগ সমাধানৰ বাবে আৰু শিশুৰ শিক্ষাৰ ওপৰত গুৰুত্ব বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব পাৰে। গোৱাৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ চৰকাৰেও এই কথা বিবেচনা কৰি আছে।
ৰোহণে কয় যে অষ্ট্ৰেলিয়াৰ আৰ্হিত এখন আইন অনাৰ কথা বিবেচনা কৰা হৈছে, য’ত ১৬ বছৰৰ তলৰ লোকৰ একাউণ্ট ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই পেলোৱা হ’ব। তেওঁৰ মতে, ছ’চিয়েল মিডিয়াত শিশুৱে কটোৱা অত্যধিক সময়ে তেওঁলোকৰ পৰিয়াল আৰু ব্যক্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিভিত্তিক শিক্ষাৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান গোৱা আই টি বিভাগে এই বিষয়টোৰ আইনী দিশসমূহ পৰীক্ষা কৰি আছে। ৰোহণে লগতে কয় যে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সৈতে আলোচনাৰ অন্তত পৰৱৰ্তী বিধানসভা অধিৱেশনত এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব পাৰে। অন্ধ্ৰপ্ৰদেশতো ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ চিন্তা চলিছে। চন্দ্ৰবাবু নাইডু চৰকাৰেও এই বিষয়টো চোৱাচিতা কৰিছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ লোকৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিয়ম ফেচবুক, টিকটক, ইউটিউব, এক্স, স্নেপচ্যাট, ইনষ্টাগ্ৰামকে ধৰি ১০টা জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য। ইতিমধ্যে ১৬ বছৰৰ তলৰ লোকৰ ১০ লাখৰো অধিক একাউণ্ট চিনাক্ত কৰি সংশ্লিষ্ট সংস্থাই ব্লক কৰিছে।
নাবালকসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত আইনৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰা এইটোৱেই হৈছে বিশ্বৰ ভিতৰতে প্ৰথম এনে পদক্ষেপ। কোনোবাই যদি আইন ভংগ কৰে তেন্তে কোম্পানীটোক ৩৩ মিলিয়ন ডলাৰ (২৯৬ কোটি টকাতকৈ অধিক) পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। বিশ্বৰ বিভিন্ন আই টি কোম্পানীয়েও অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ চৰকাৰৰ নতুন আইনখনক ‘ব্লেঙ্কেট চেঞ্চৰশ্বিপ’ বুলি সমালোচনা কৰিছে।










