
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে (Ajit Pawar) মজলীয়া আকাৰৰ চাৰ্টাৰ্ড বিমানেৰে মুম্বাইৰ পৰা বাৰামাটিলৈ উৰা মাৰিছিল। বৰামাটি বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

প্ৰাৰম্ভিক বাতৰি অনুসৰি, এইখন আছিল লিয়াৰজেট ৪৫ মডেলৰ ‘ভিটি-এছএছকে’ বিমান। বম্বাৰ্ডিয়াৰ এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত এই বিমানখন বুধবাৰে পুৱা বাৰামাটিত দুৰ্ঘটনাগ্ৰস্ত হয়।
লিয়াৰজেট ৪৫ মডেলৰ বিমানো বিগত সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। জানিব পৰা মতে, ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত বিশাখাপট্টনমৰ পৰা মুম্বাইলৈ উৰামৰাৰ সময়তে এখন লিয়াৰজেট ৪৫ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰো অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।
পিছত গম পোৱা যায় যে বিশাখাপট্টনমৰ পৰা উৰণ স্বাভাৱিক আছিল বিমানখনৰ। যাত্ৰাপথত কোনো সমস্যা নাছিল। অৱতৰণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত মুম্বাই বিমানবন্দৰত বৰষুণ দি আছিল। দৃশ্যমান্যতাও অলপ হ্ৰাস পাইছিল। ২৭ নম্বৰ ৰাণৱেত অৱতৰণ কৰিবলৈ দিয়া হৈছিল বিমানখন।
এই মডেলৰ বিমানৰ দুটা ইঞ্জিন আছে। এই বিজনেছ জেট সাধাৰণতে কৰ্প’ৰেট আৰু ভি আই পি ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়। এই মজলীয়া আকাৰৰ বিমানখন চুটি আৰু মজলীয়া দূৰত্বৰ বিমান যাত্ৰাৰ বাবে উপযোগী।
মুম্বাইৰ পৰা বাৰামাটিলৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হোৱা লিয়াৰজেট ৪৫ বিমানখন ‘ভি এছ আৰ ভেন্সাৰ্ছ’ নামৰ এটা কোম্পানীয়ে পৰিচালনা কৰিছিল। এইবাৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতা অজিত পাৱাৰৰ সেই ‘ভি এছ আৰ ভেন্সাৰ্ছ’ৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।
এই বিমান দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অজিত পাৱাৰে পুৱা ৮ বজাত চাৰ্টাৰ্ড বিমানেৰে মুম্বাইৰ পৰা বাৰামাটিলৈ ৰাওনা হয়। বাৰামাটি অবিভক্ত এন চি পিৰ অন্যতম ভেটি। তাত জিলা পৰিষদৰ নিৰ্বাচন সমাগত।
নিৰ্বাচনৰ বাবে প্ৰচাৰ কৰিবলৈ তেওঁ বাৰামাটিলৈ গৈ আছিল। বুধবাৰে তেওঁ বাৰামাটিত চাৰিখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু তাৰ আগতেই দুৰ্ঘটনাটো সংঘটিত হয়। পুৱা প্ৰায় ৮.৪৫ বজাত বাৰামাটি বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় লিয়াৰজেট ৪৫ বিমানখন।
দুৰ্ঘটনাস্থলীতে মৃত্যু হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ। মজলীয়া আকাৰৰ চাৰ্টাৰ্ড বিমানখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অজিতকে ধৰি পাঁচজন লোক আছিল।
ইয়াৰে দুজন আছিল উপ-মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষী আৰু দুজন আছিল বিমান পৰিচাৰিক। অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডি জি চি এয়ে জনোৱা মতে, এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ বাবে ডি জি চি এয়ে এটা দল বাৰামাটি বিমানবন্দৰলৈ প্ৰেৰণ কৰিছে।
বাৰামাটি বিমানবন্দৰৰ পৰিচালক শিৱাজী তাৱাড়ে কয় যে ভিটি-এছএছকে বিমানখন ৰাণৱেত অৱতৰণ কৰিবলৈ গৈ দুৰ্ঘটনা সংঘটিত হয়। অৱতৰণৰ সময়ত লিয়াৰজেট ৪৫ বিমানখন ৰাণৱেৰ প্ৰান্তত দুৰ্ঘটনাগ্ৰস্ত হয়। মাটিত খুন্দা মৰাৰ লগে লগে জুই লাগে।









