
অজিত পাৱাৰৰ (Ajit Pawar) বিমান দুৰ্ঘটনাত আকস্মিক মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে তেওঁ ফোনযোগে কথা পাতে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও বাৰ্তালাপ কৰে ফাড়নবিছে।

আনহাতে, বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অজিত পাৱাৰৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁ লগতে কয় যে বিমান দুৰ্ঘটনাৰ সঠিক তদন্ত কৰিব লাগে।
বুধবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত বাৰামাটি বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমানখন। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে জুই লাগেল। মহাৰাষ্ট্ৰৰ ‘মহাযুটি’ চৰকাৰৰ অন্যতম অংশীদাৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে জিলা পৰিষদীয় নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে মুম্বাইৰ পৰা বাৰামাটিলৈ গৈছিল।
তেওঁৰ বাহিৰে বিমানখনত তেওঁৰ দুজন নিৰাপত্তাৰক্ষী, এজন পাইলট আৰু এজন বিষয়াও আছিল। ভাৰতৰ বিমান নিয়ন্ত্ৰক ডি জি চি এয়ে জনোৱা মতে, এই দুৰ্ঘটনাত সকলোৰে মৃত্যু হৈছে।
অজিত পাৱাৰৰ মৃত্যুক লৈ স্তম্ভিত হৈ পৰিছে ৰাজনৈতিক মহল। প্ৰধানমন্ত্ৰীয়ে অজিতৰ উত্থান আৰু ৰাজনৈতিক দক্ষতাক স্মৰণ কৰি এক্স পোষ্ট কৰে।
তেওঁৰ মতে, সমাজৰ তৃণমূল পৰ্যায়ৰ সৈতে অজিত পাৱাৰৰ এক সুদৃঢ় সম্পৰ্ক আছিল। তেওঁ সদায় মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাত অগ্ৰণী ভূমিকা পালন কৰিছিল। কঠোৰ পৰিশ্ৰমী আৰু সকলোৰে সন্মানীয় অজিত পাৱাৰৰ মৃত্যু অতি দুখজনক।
মোদীয়ে কয়, “প্ৰশাসনিক বিষয়ত তেওঁৰ (অজিত) বোধগম্যতা আছিল উল্লেখযোগ্য। ইয়াৰ উপৰি দুখীয়া আৰু নিপীড়িতক সবলীকৰণৰ প্ৰতি তেওঁৰ আবেগো আছিল উল্লেখযোগ্য।” প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা আন লোকসকলৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে। ইফালে অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিয়েও শোক প্ৰকাশ কৰে।
আনহাতে, ৰাজ্যসভাৰ সাংসদ তথা শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতে অজিত পাৱাৰৰ মৃত্যুক মহাৰাষ্ট্ৰৰ বাবে ‘ক’লা দিন’ বুলি অভিহিত কৰিছে। তেওঁ কয় যে অজিত অবিহনে মহাৰাষ্ট্ৰৰ ৰাজনীতি অসম্পূৰ্ণ। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।










