
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ (Ajit Pawar) বিমান দুৰ্ঘটনাত মৃত্যু। সংশ্লিষ্ট বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ আন চাৰিজন যাত্ৰীৰো মৃত্যু হৈছে।

অজিত পাৱাৰৰ ঘনিষ্ঠ সহযোগী কিৰণ গুজ্জাৰেও এই খবৰ নিশ্চিত কৰিছে। আনহাতে, বিভিন্ন সংবাদ মাধ্যমে ভাৰতৰ বিমান নিয়ন্ত্ৰক ডিজিচিএৰ উদ্ধৃতি দি বিমানখনত থকা পাঁচোজন লোকৰ মৃত্যু হোৱা বুলি জনাইছে।
অজিত পাৱাৰৰ উপৰি মৃতকৰ তালিকাত এনচিপি নেতাজনৰ দুজন নিৰাপত্তাৰক্ষী আৰু দুজন বিমান পৰিচাৰক (এজন পাইলট, আনজন প্ৰথম বিষয়া) আছে। প্ৰাথমিক তথ্য অনুসৰি, বুধবাৰে পুৱা ৮.৪৫ বজাত মহাৰাষ্ট্ৰৰ বাৰামাটি বিমানবন্দৰত অৱতৰণ কৰি থকা অৱস্থাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত আছিল শৰদ পাৱাৰৰ ভতিজাক তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাৰ পিছত পোহৰলৈ অহা ছবিৰ পৰা দেখা গৈছে যে বিমানখন জ্বলি আছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈছে।
এন চি পিৰ সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰৰ মিত্ৰ চৰকাৰৰ অন্যতম অংশীদাৰ তথা উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ জিলা পৰিষদীয় নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। তেওঁ ব্যক্তিগত বিমানত যাত্ৰা কৰি আছিল। বৰামাটি বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱাজী টাৱাৰে কয় যে বিমানখন অৱতৰণৰ সময়ত ৰাণৱেৰ দাঁতিলৈ গৈছিল। ইয়াৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
টুকুৰা টুকুৰ হোৱাৰ পিছত বিমানখনত জুই লাগে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত থকা বুলি ডি জি চি এয়ে অৱগত কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ চাৰিওফালে পাহাৰ আৰু অৰণ্য। প্ৰাকৃতিক, যান্ত্ৰিক বা আন কোনো কাৰণত দুৰ্ঘটনা সংঘটিত হৈছে নেকি সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব বুলি ডি জি চি এয়ে জানিবলৈ দিয়ে।
স্বাভাৱিকতে অজিত পাৱাৰৰ মৃত্যুত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই শোক প্ৰকাশ কৰিছে। বিমান দুৰ্ঘটনাৰ খবৰ পাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নৱীছক ফোন কৰে।










