![]()
চৰকাৰ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে ইৰাণ (Iran)ত দমন-নিপীড়ন তীব্ৰতৰ হৈছে। স্বাধীন সংবাদ মাধ্যমৰ কণ্ঠস্বৰ বহু আগতেই বন্ধ কৰা হৈছিল। খামেনেই চৰকাৰে এতিয়া ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰি দিছে। কাৰণ দেশৰ প্ৰকৃত পৰিস্থিতিৰ বিষয়ে বাহিৰৰ বিশ্বক অৱগত কৰিবলৈ নিদিয়াটো লক্ষ্য।
ইফালে, আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মানৱ অধিকাৰ গোটসমূহে কৈছে যে ইৰাণত চলি থকা প্ৰতিবাদৰ (protest) ফলত মৃত্যুৰ সংখ্যা প্ৰায় ছহাজাৰ (death toll is about six thousand)৷ সেই সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে।ব্ৰিটিছ মানৱ অধিকাৰ কৰ্মী সংবাদ সংস্থাই ইৰাণৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

তেওঁলোকৰ তথ্য অনুসৰি, খামেনেই বিৰোধী দলত ৫,৮৪৮ জন লোক নিহত হৈছে। তেওঁলোকৰ ভিতৰত ৫,৫২০ জন প্ৰতিবাদকাৰী, ৭৭ জন নাবালক আৰু ৪২ জন পথচাৰী আছিল। সুৰক্ষা বাহিনীৰ ২০৯ জন সদস্যও আছে।
আন্তৰ্জাতিক মানৱ অধিকাৰ গোটসমূহে সুৰক্ষা বাহিনীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত পোনপটীয়াকৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। একেৰাহে ১৮ দিনৰ বাবে ইণ্টাৰনেট সংযোগ বন্ধ হৈ থকাৰ বাবে সকলো তথ্য ওলোৱা নাই। ফলস্বৰূপে, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে তেহৰাণে এই তথ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে, চলি থকা প্ৰতিবাদত মৃত্যুৰ সংখ্যা হৈছে ৩,১১৭ জন।










