![]()
এজন যুৱকে প্ৰেমিকাক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰ কৰি যমুনা নদীৰ পাৰত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে উত্তৰ প্ৰদেশ (Uttar pradesh)ৰ আগ্ৰা (Agra)ত সংঘটিত ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ (Arrest) কৰিছে। অভিযুক্তৰ নাম বিনয় সিং (Binay Singh)। যুৱতীগৰাকী আৰু অভিযুক্তই একেটা কাৰ্যালয়তে কাম কৰিছিল।
৩২ বছৰীয়া মিংকি শৰ্মা পেছাত এগৰাকী এইচ আৰ মেনেজাৰ আছিল। আগ্ৰাৰ এটা কোম্পানীত কাম কৰিছিল। অভিযুক্তয়ো একেটা কোম্পানীতে কাম কৰিছিল। বিনয়ে তাত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰি আছিল। তাতেই দুয়ো প্ৰেমত পৰে। যোৱা দুবছৰ ধৰি মিংকি আৰু বিনয়ৰ সম্পৰ্ক আছিল। অৱশ্যে যোৱা ছমাহৰ পৰা সম্পৰ্কত ফাট মেলিবলৈ ধৰে। সূত্ৰই দাবী কৰিছে যে বিনয়ে সন্দেহ কৰিছিল যে মিংকি আন কাৰোবাৰ সৈতে সম্পৰ্কত আছিল। সেই সন্দেহৰ ভিত্তিতে তেওঁ মিংকিক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰে।

জানিব পৰা মতে, যোৱা ২৩ জানুৱাৰীত বিনয়ৰ প্ৰেমিকাৰ সৈতে কাজিয়া হৈছিল। সেই সময়ত অভিযুক্তই খঙত চোকা অস্ত্ৰৰে মিংকিৰ ডিঙিত আঘাত কৰিছিল। ইয়াৰ পিছত তেওঁ মৃতদেহটো তিনিটাকৈ টুকুৰা কৰি কাটি মৃতদেহটো যাতে কোনেও চিনি নাপায় তাৰ প্ৰয়াসত অভিযুক্তই প্ৰেমিকাৰ শৰীৰৰ পৰা মূৰটো পৃথক কৰে। বাকী শৰীৰটো কঁকালৰ পৰা তললৈ দুটুকুৰাকৈ কাটি পেলায়। ইয়াৰ পিছত মৃতদেহৰ টুকুৰাবোৰ প্লাষ্টিকৰ বেগত ভৰাই প্ৰেমিকাৰ মূৰটো পিঠিত লোৱা বেগত ভৰাই লৈ অভিযুক্তই যমুনা নদীৰ ওপৰত এখন দলঙৰ সমীপত প্লাষ্টিকৰ বেগটো পেলাই দিয়ে। আনহাতে, প্ৰেয়সীয়ে পিন্ধা কাপোৰ আৰু মূৰটো আন এঠাইত পেলাই দিয়ে।
যুৱতীগৰাকীয়ে ২৩ জানুৱাৰীৰ বিয়লি ২ বজাত কাৰ্যালয়লৈ ৰাওনা হৈছিল। তাৰ পিছত ঘৰলৈ উভতি যোৱা নাই। ইফালে মোবাইলটোও ছুইচ অফ হৈ আছিল। কিন্তু মিংকি ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে থানাত যোগাযোগ কৰে। আৰক্ষীয়েও তালাচী আৰম্ভ কৰে। অৱশেষত ২৪ জানুৱাৰীৰ পুৱা প্ৰায় ১ বজাত নদীৰ পাৰত পৰি থকা প্লাষ্টিকৰ বেগটো দেখি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি খুলি দেখে কঁকালৰ পৰা ডিঙিলৈকে ভৰি দুখন আৰু শৰীৰৰ অংশ ওলাই পৰে। প্ৰথম অৱস্থাত আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল যদিও পিছত মৃতদেহটো চিনাক্ত কৰা হয়। কিন্তু যুৱতীগৰাকীৰ মূৰটো এতিয়াও উদ্ধাৰ হোৱা নাই। মূৰটো বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে।
ইফালে মূৰ নথকা মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে পাঁচটা পৃথক দল গঠন কৰি তদন্ত আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হয়। তেনেকৈয়ে ধৰা পৰে বিনয়। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, চিচিটিভিৰ ফুটেজত এজন লোকে স্কুটীত উঠি দলঙৰ কাষত বেগ দলিয়াই দিয়া দেখা গৈছে। ফুটেজ বিশ্লেষণ কৰি আৰক্ষীয়ে বিনয়ক চিনাক্ত কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে। সূত্ৰ অনুসৰি, আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ ইতিমধ্যে অপৰাধ স্বীকাৰ কৰিছে। জেৰা কৰাৰ পাছত বিনয়ে বেগটো মূৰ, কাপোৰ আৰু মোবাইল ফোনটোৰ সৈতে নলাৰ কাষত এক নিৰ্জন এলেকাত পেলাই থৈ যোৱাৰ কথাও জানিব পাৰে। আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে হত্যা আৰু প্ৰমাণ ধ্বংসৰ অভিযোগত গোচৰ ৰুজু কৰিছে।










