![]()
গুজৰাটৰ ছাণ্ডখেড়া (Sandkhera of Gujarat)ত অসম সাহিত্য সভা (Assam Sahitya Sabha), আহমেদাবাদ শাখা (Ahmedabad Branch)ৰ মধ্যকালীন অধিৱেশন গণৰাজ্য দিৱসৰ দিনা দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱাৰ ভাগত অসম কালচাৰেল এছ’চিয়েচন, আহমেদাবাদ আৰু অসম সাহিত্য সভা, আহমেদাবাদ শাখাই একেলগে পৱিত্ৰ গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাচত অসম সাহিত্য সভা, আহমেদাবাদ শাখাৰ উপ সভাপতি প্ৰফুল্ল মহন্তই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা মূল সভাৰ বিষয় আছিল “মাতৃভাষাৰ উন্নতি সাধনত প্ৰৱাসীসকলৰ ভূমিকা”। সভাৰ আৰম্ভণিতে সাহিত্য সভাৰ গীত পৰিৱেশন কৰা হয়। তাৰপাছতে সভাপতিৰ আসন গ্ৰহণ কৰে আহমেদাবাদ শাখা সাহিত্য সভাৰ উপ সভাপতি প্ৰফুল্ল মহন্তই। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে জগন্নাথ কছাৰী আৰু নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰে যথাক্ৰমে অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া প্ৰসন্ন কুমাৰ হাজৰিকা আৰু পৰশমণি বৰদলৈয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অশোক কুমাৰ বৰাই। সম্পাদকীয় প্ৰতিবেদনত বৰাই বছৰটোৰ সম্পূৰ্ণ কাৰ্যবিৱৰণি ৰাইজক অৱগত কৰে।

আমন্ত্ৰিত অতিথিসকলৰ ভাষণৰ উপৰি সমজুৱাৰ ফালৰ পৰা কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।সকলোৰে ভাষণৰ অন্তত সাহিত্যৰ লগত সম্পৰ্ক থকা এখনি আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই সাংস্কৃতিক অনুষ্ঠানটো পৰিচালনা কৰে পৰী গগৈয়ে। কেইবাজনো শিল্পীয়ে লোকগীত, আধুনিক গীতৰ উপৰি ৰসৰচনা, স্বৰচিত কবিতা পাঠ, কবিতা আবৃত্তি আদিত অংশ লয়। ‘অসমীয়া শিকো আহাঁ‘ নামৰ অনলাইন অনুষ্ঠানটিৰ ছাত্ৰ উত্তম কুমাৰ দাসে এটি সুন্দৰ কবিতা আবৃত্তি কৰে। সাংস্কৃতিক অনুষ্ঠানৰ শেষত সভাপতিৰ মন্তব্যৰ পাছত সহকাৰী সম্পাদক দিলীপ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাৰ সকলো কাৰ্যসূচীৰ অন্তত অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।









