![]()
হাৰ নমনাৰ মনোভাৱ। ভাৰতীয় ৰে’লৱে (Indian Rail)ক এগৰাকী ছাত্ৰীয়ে নাকত ধৰি ঘুৰালে। সাত বছৰ ধৰি চলা আইনী যুঁজৰ পিছত ছাত্ৰীগৰাকী জয়ী হৈছে৷ ভাৰতীয় ৰে’লৱেই ক্ষতিপূৰণ হিচাপে তেওঁক ৯ লাখ টকা পৰিশোধ কৰিব লাগিব। উত্তৰ প্ৰদেশ (Uttar pradesh)ৰ বস্তি জিলাৰ উপভোক্তা সুৰক্ষা আয়োগে (Consumer Protection Commission) এই আদেশ জাৰি কৰিছে। ২০১৮ চনতে বস্তি জিলাৰ সমৃদ্ধি নামৰ এগৰাকী ছাত্ৰীয়ে লক্ষ্ণৌৰ পিজি কলেজত বিএছচি প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ইণ্টাৰচিটি ছুপাৰফাষ্ট এক্সপ্ৰেছ (Intercity Superfast Express)ত যাবলৈ লৈছিল। ৰেল’খন নিৰ্ধাৰিত সময়ত ৰাওনা হ’ল, কিন্তু কিবা কাৰণত মাজতে ৰৈ গ’ল।

ফলস্বৰূপে, ৰে’লখনে প্ৰায় আঢ়ৈ ঘণ্টাৰ পিছত গন্তব্য স্থানত উপস্থিত হৈছিল। সেইবাবেই সমৃদ্ধিৰ এক দীঘলীয়া বছৰজোৰা পৰীক্ষা অথলে যায়। তেওঁ এটা সম্পূৰ্ণ শৈক্ষিক বৰ্ষ অতিবাহিত কৰিছিল। ক্ষুব্ধ ছাত্ৰীগৰাকীয়ে তেতিয়া গ্ৰাহক সুৰক্ষা আয়োগৰ কাষ চাপিছিল। তেওঁ ৰে’ল মন্ত্ৰালয়ৰ পৰা ২০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল। আইনী যুঁজখন সাত বছৰ ধৰি চলি থাকে। শেষত আয়োগে ৰায় দিছিল যে সময়মতে সেৱা প্ৰদান কৰাটো ৰে’লৱেৰ দায়িত্ব। কিন্তু তেওঁলোকে সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছিল। দুয়োপক্ষৰ যুক্তিৰ ভিত্তিত আয়োগে ৰে’লৱেক ১২ শতাংশ সুদৰ সৈতে ৯.১০ লাখ টকাৰ ক্ষতিপূৰণ (Compensation of 910,000 rupees) পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। ৰে’লৱেই ৪৫ দিনৰ ভিতৰত ধনৰাশি পৰিশোধ কৰিব লাগিব।









