
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাজস্থানৰ জয়ছেলমেৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।

২৫ জানুৱাৰীৰ নিশা চি আই ডিয়ে অভিযুক্তৰ ঘৰত বিশেষ অভিযান চলাই তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে জয়পুৰলৈ লৈ যায়। অভিযোগ অনুসৰি, লোকজনে ইছলামাবাদৰ চোৰাংচোৱা সংস্থাৰ বাবে ‘ই-মিত্ৰ’ কেন্দ্ৰ চলোৱাৰ আঁৰত চোৰাংচোৱাগিৰি কৰিছিল। তেওঁৰ মোবাইল আৰু কম্পিউটাৰো জব্দ কৰা হৈছে।
সেইবোৰৰ ফৰেনছিক পৰীক্ষা কৰা হ’ব। অভিযোগ অনুসৰি, পাকিস্তানৰ এগৰাকী বিশেষ মহিলাৰ সংস্পৰ্শত আছিল লোকজন। ইয়াৰ উপৰি অভিযোগ কৰা হৈছে যে তেওঁৰ হাতত চৰকাৰী প্ৰকল্পকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল, যিবোৰ পাকিস্তানী মহিলাগৰাকীয়ে তেওঁৰ জৰিয়তে লাভ কৰিছিল।
অনুমান কৰা হৈছে যে ধৃত ব্যক্তিজনে হানি ট্ৰেপিঙৰ ফান্দত পৰি চৰকাৰী নথি-পত্ৰ ফাদিল কৰিছিল। অৱশ্যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ধনৰ বিনিময়ত অভিযুক্তই নথি-পত্ৰ ফাদিল কৰিছিল নেকি, সেই বিষয়ে জানিবলৈ তদন্ত অব্যাহত আছে।










