
জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ লগতে লাগি থকা অঞ্চলত লেণ্ডমাইন বিস্ফোৰণত (JK Blast) আহত হয় ভাৰতীয় সেনাৰ এজন জোৱান। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কেৰী ছেক্টৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত শনিবাৰে চোৰাংচোৱাগিৰি চলাই আছিল জোৱানকেইজনে। সেই সময়তে এটা লেণ্ডমাইন বিস্ফোৰণত জোৱানজন আহত হয়।

সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, নিয়ন্ত্ৰণৰেখাৰ কাষৰীয়া অঞ্চলটোত পাকিস্তানীৰ অনুপ্ৰৱেশ বন্ধ কৰিবলৈ লেণ্ডমাইন স্থাপন কৰা হয়। যদি বৰষুণ বা আন কোনো কাৰণত মাটি লৰচৰ কৰে তেন্তে এনে দুৰ্ঘটনাৰ সম্ভাৱনা থাকে। শনিবাৰেও একেধৰণৰ কিবা এটা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে জোৱানজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে।









