
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, সোমবাৰৰ বাবে হিমাচল প্ৰদেশত (Himachal Snowfall) হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। লগতে বজ্ৰপাত আৰু ধুমুহা বতাহৰো ভৱিষ্যদ্বাণী কৰা হৈছে।

মঙলবাৰে কুল্লু, কিন্নৌৰ, চাম্বা আৰু লাহৌল আৰু স্পিটি জিলাত প্ৰচণ্ড বৰফ আৰু বৰষুণৰ সম্ভাৱনা আছে। তাৰবাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বাকী ৯ খন জিলাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। তাত ধুমুহা আৰু প্ৰচণ্ড ঠাণ্ডাৰ সম্ভাৱনা আছে।
দেওবাৰে ৰাজ্যৰ পাহাৰীয়া চহৰসমূহত সামান্যৰ পৰা প্ৰচণ্ড বৰফ পৰে। যাৰ বাবে ৰাস্তাবোৰ বৰফেৰে আবৃত হৈ পৰিছিল। যান-জঁটৰ বাবে সম্পূৰ্ণ স্তব্ধ হৈ পৰে মানালী। কোঠীৰ পৰা মানালীলৈ যোৱা আঠ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোত যান-বাহনৰ দীঘলীয়া শাৰী আছিল। প্ৰচণ্ড তুষাৰপাতৰ বাবে হিমাচলত তিনিটা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি মুঠ ৮৩৫টা পথ যাতায়াতৰ বাবে বন্ধ হৈ পৰে।
স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, লাহৌল আৰু স্পিটি জিলাত ৩নং ৰাষ্ট্ৰীয় ঘাইপথ (লেহ-মানালী) আৰু ৫০৫ নং ৰাষ্ট্ৰীয় ঘাইপথকে (কাজা-গ্ৰামু) ধৰি প্ৰায় ২৮২টা পথ বন্ধ হৈ আছে।
ইয়াৰ উপৰি চিমলাত ২৩৪ টা, মাণ্ডীত ১১০ টা, চাম্বাত ৭৮ টা, কুল্লু জিলাত ৩০৫ নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৬৫ টা, ছিৰমৌৰত ৪১ টা, কিন্নৌৰত ১৮ টা, কাংগ্ৰাত ৪ টা আৰু উনা জিলাত ৩ টা পথ বন্ধ হৈ আছে। তদুপৰি ৰাজ্যজুৰি বৰফ পৰাৰ ফলত প্ৰায় ১৯৪২টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হৈছে।
ইয়াৰে চিমলা জিলাত ৭৮৯, ছিৰমৌৰত ৩৫৪, মাণ্ডীত ২৮৪, চাম্বাত ২৭৭, কুল্লুত ১৭৪, লাহৌল আৰু স্পিটিত ২৭ আৰু চোলানত ২৩ টা ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে।










