
গণৰাজ্য দিৱসৰ (Republic Day) পূৰ্বে ৰাজস্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বিপুল পৰিমাণৰ বিস্ফোৰক। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, ১৮৭টা বেগত মুঠ ৯,৫৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট উদ্ধাৰ কৰা হৈছে।

এই বিস্ফোৰক মজুত কৰাৰ সূত্ৰে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ নাম চুলেমান খান। অৱশ্যে ইমানবোৰ বিস্ফোৰক কিয় মজুত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত তদন্তত কেন্দ্ৰীয় সংস্থাই হস্তক্ষেপ কৰিব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
শনিবাৰে মাজনিশা ৰাজস্থানৰ নগৌৰ হৰছৌৰ গাঁৱৰ পৰা উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰী। দেওবাৰে নিশা সংবাদমেলত এই কথা ঘোষণা কৰে ৰাজস্থান আৰক্ষীয়ে। নগৌৰ আৰক্ষী অধীক্ষক মৃদুল কাচৱাই জনোৱা মতে, তেওঁলোকে গোপন সূত্ৰৰ জৰিয়তে গাঁওখনত বিস্ফোৰক মজুত থকা সন্দৰ্ভত তথ্য লাভ কৰে। ফলত পলম নকৰি মাজনিশাই অভিযান চলায়।
গাঁওখনৰ এটা গুদামত অভিযান চলাই বহুসংখ্যক বেগ উদ্ধাৰ কৰে। ইয়াত এমোনিয়াম নাইট্ৰেট থকা বুলি ধৰা পৰে। এই ৰাসায়নিক পদাৰ্থ আৰ ডি এক্স তৈয়াৰ কৰাত অন্যতম গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ পূৰ্বেও কেইবাটাও বোমা বিস্ফোৰণত ইয়াক ব্যৱহাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, ধৃত চুলেমান হৰছৌৰ গাঁৱৰ বাসিন্দা। ঘটনাস্থলীৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূৰ্বে আৰক্ষীৰ নথিত তেওঁৰ নামত তিনিটা গোচৰ আছিল। গাঁওখনৰ পৰা এমোনিয়াম নাইট্ৰেটৰ বাহিৰেও বিস্ফোৰক প্ৰস্তুতৰ লগত জড়িত কেইবাটাও সামগ্ৰী পোৱা গৈছে।
৯ কাৰ্টন ডিটনেটৰ, ১৫ বাণ্ডিল নীলা ফিউজ তাঁৰ, ১২ কাৰ্টন ৫ বাণ্ডিল ৰঙা ফিউজ তাঁৰো উদ্ধাৰ হয়।
প্ৰথম অৱস্থাত আৰক্ষীয়ে অনুমান কৰিছে যে এই বিস্ফোৰক মজুতৰ লগত আক্ৰমণৰ কোনো সম্পৰ্ক নাই। আইনী আৰু অবৈধ খননৰ বাবে এইবোৰ যোগান ধৰিছিল অভিযুক্তই।
অৱশ্যে সোধা-পোছাৰ সময়ত তেওঁ সঠিক উত্তৰ দিব পৰা নাই। আৰক্ষীয়ে বিস্ফোৰক আইনৰ অধীনত গোচৰ ৰুজু কৰি কেন্দ্ৰীয় সংস্থাক অৱগত কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। এন আই এয়ে ধৃত ব্যক্তিজনক জেৰা কৰিব পাৰে।










