
২০২৬ চনৰ প্ৰথম ‘মন কী বাত’ত (Mann Ki baat) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। দেওবাৰৰ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

সেইবোৰৰ ভিতৰত এটা হ’ল ভাৰতক এক গোলকীয় ষ্টাৰ্টআপ পাৱাৰ হাউচলৈ ৰূপান্তৰ কৰা আৰু উৎপাদনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। তেওঁ যুৱকসকলক ভোটাৰ তালিকাত নাম নথিভুক্ত কৰিবলৈও আহ্বান জনায়। ষ্টাৰ্ট-আপ ইণ্ডিয়া প্ৰচেষ্টাৰ দশম বৰ্ষপূৰ্তিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতীয় সামগ্ৰী উচ্চ মানদণ্ডৰ হোৱা উচিত।”
নাগৰিকসকলৰ মানসিকতা সলনি কৰাৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয় যে কোনো ক্ষেত্ৰতে কেৱল কাম কৰিলেই নহ’ব। মোডীয়ে ইয়াক ত্ৰুটিহীন হ’বলৈ আহ্বান জনায়। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ আৰু সেউজ হাইড্ৰ’জেনৰ দৰে ক্ষেত্ৰত গৱেষণা চলোৱাৰ বাবে যুৱক-যুৱতীসকলক প্ৰশংসা কৰে। ইয়াৰ লগতে, ভজন ক্লাবিঙৰ বিষয়টো উত্থাপিত হয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভজন আৰু কীৰ্তন বহু শতিকা ধৰি ভাৰতীয় সংস্কৃতিৰ জীৱন হৈ আহিছে, যি প্ৰতিটো যুগৰ সৈতে বিকশিত হৈছে আৰু ভক্তিৰ চেতনাক জীয়াই ৰাখিছে। তেওঁ উল্লেখ কৰে যে আজিৰ যুৱক-যুৱতীসকলে এই পৰম্পৰাক এক অনন্য আৰু সমসাময়িক পদ্ধতিৰে আগুৱাই নিছে।বিৰোধীয়ে ভোট চুৰি আৰু সংবিধান ভংগ কৰাৰ বাবে বিজেপিক বাৰে বাৰে আক্ৰমণ কৰি আহিছে।
আজিৰ ‘মন কী বাত’ত তেওঁ সেই বিষয়টো উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ যুৱক-যুৱতীসকলক ১৮ বছৰ বয়সত নিজকে দেশৰ ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব আৰু নাগৰিক হিচাপে সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ সক্ষম হ’ব।
তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১৩০ তম খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কাইলৈ, ২৬ জানুৱাৰীত আমি আমাৰ গণৰাজ্য দিৱস উদযাপন কৰিম। আজিৰ দিনটোতে আমাৰ সংবিধান কাৰ্যকৰী হৈছিল। এই দিনটোৱে আমাক আমাৰ সংবিধানৰ প্ৰতিষ্ঠাপকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ সুযোগ প্ৰদান কৰে।”










