ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলৈ গৈ আছে মটৰগাড়ী দৌৰ প্ৰতিযোগিতা ৷ কাৰবি আংলং মটৰ্চ অট’ক্ৰছ ক্লাবৰ উদ্যোগত আৰু ডিমাপুৰ মটৰ স্পৰ্টচ ক্লাবৰ সহযোগত ডিফু চহৰৰ সমীপৱৰ্তী ছাই খেলপথাৰ প্ৰাংগনত অহা ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব প্ৰাইজমানি মটৰগাড়ী দৌৰ প্ৰতিযোগিতা ৷
উক্ত প্ৰতিযোগিতাত শিলং, তুৰা,মণিপুৰ,নাগালেণ্ড, মিজোৰাম, গুৱাহাটী আৰু স্থানীয় প্ৰায় ৪০ৰ পৰা ৫০ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে ৷ বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হবলগীয়া উক্ত প্ৰতিযোগিতাৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিযোগী পঞ্জীয়ণ আৰু পৰীক্ষাকৰণ লগতে ১৯ ফেব্ৰুৱাৰী পুৱা ৯ বজাৰ পৰা প্ৰতিযোগিতাৰ মূল ইভেণ্ট অনুষ্ঠিত হব বুলি জনাইছে ৷
কাৰবি আংলঙত ক্ৰীড়াৰ মানদণ্ড উন্নত কৰিবলৈ এনে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি সংবাদ মেলত সদৰি কৰে উদ্যোক্তা সকলে ৷ প্ৰতিযোগিতাৰ মুল ইভেণ্ট কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্ধোধন কৰিব ৷
মুঠ ৫ লাখ টকাৰ প্ৰাইজমানিৰ প্ৰতিযোগিতাৰ ওপৰিও শ্ৰেষ্ট স্থানীয় চালক, শ্ৰেষ্ট নিউ কমাৰৰ পুৰষ্কাৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে ৷ প্ৰতিযোগী সকলে সম্পূৰ্ণ নিজৰ দায়িত্বত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰতিযোগী সকলৰ বাবে ছীটবেল্ট আৰু হেলমেট বাধ্যতামূলক কৰা হৈছে উদ্যোক্তা সকলে জানিব দিছে ৷
আজিৰ সংবাদমেলত কাৰবি আংলং মটৰ অট’ক্ৰছ ক্লাবৰ সভাপতি হাডচন বে’, সম্পাদক এন্ড্ৰিউ জিচিং আৰু ডিমাপুৰ মটৰ স্পৰ্টচ ক্লাৱৰ সভাপতি টিম্মি জমিৰ উপস্থিত থাকে ৷












