
পুনৰ অন্ধ্ৰপ্ৰদেশত (Andhra Pradesh) এখন যাত্ৰীবাহী বাছত অগ্নিকাণ্ড (Fire in the bus) সংঘটিত হোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হয়। লগতে বহুকেইজন আহত হয়। বুধবাৰে মাজনিশা নন্দিয়াল জিলাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰৰ পৰা তেলেংগানাৰ হায়দৰাবাদলৈ গৈ আছিল বাছখন। সেই সময়তে বাছখনৰ সোঁ চকাটো হঠাৎ ফাটি যায়। ফলত চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়। যিহেতু বাছখন তীব্ৰ বেগেৰে গৈ আছিল, সেয়েহে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে। ইয়াৰ পিছত পৰৱৰ্তী লেনত সোমাই যায়। সেই সময়ত সেই লেনেৰে এখন ট্ৰাক আহি আছিল। তাত বহুত মটৰবাইক আছিল। বাছ আৰু ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয়। ইয়াৰ পিছতে ট্ৰাক আৰু বাছখনত অগ্নিকাণ্ড সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। স্থানীয় ৰাইজে জনোৱা মতে, মাজনিশা এটা প্ৰচণ্ড শব্দত তেওঁলোক সাৰ পাই উঠে। ওলাই আহি বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হোৱা প্ৰত্যক্ষ কৰে। দুয়োখন বাহনতে জুই জ্বলি উঠিছিল। লগে লগে উদ্ধাৰকাৰ্য আৰম্ভ কৰে। বাছৰ হেণ্ডিমেনজনে খিৰিকী ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে। স্থানীয় লোকসকলেও সহায় কৰে। কিন্তু জুই ইমান সোনকালে বিয়পি পৰে যে সকলোকে উদ্ধাৰ কৰা সম্ভৱ নহ’ল। অগ্নিদগ্ধ হৈ তিনিজন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে বাছ আৰু ট্ৰাক চালক আৰু আন এজন বাছ কৰ্মী। বাছখনত ৩৬ জন যাত্ৰী আছিল। ইয়াৰে অধিকাংশকেই উদ্ধাৰ কৰা হৈছে। আহতসকলক নন্দিয়াল জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।










