
বিয়াৰ বতৰত দৰা-কইনাৰ বিভিন্ন অন্তৰংগ মুহূৰ্ত প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। কেতিয়াবা আত্মীয়ৰ সন্মুখত চুমা খায়, কেতিয়াবা আৱেগিকভাৱে কান্দে। প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা নৱবিবাহিত দম্পতীৰ ৰোমান্টিক মুহূৰ্তবোৰ দেখি আৱেগিক হৈ পৰে নেটিজেন।

শেহতীয়াকৈ এজন পুৰোহিতে এখন বিয়াত দৰা-কইনাৰ অন্তৰংগ মুহূৰ্তত বিঘিনি ঘটায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই মুহূৰ্তৰ ভিডিঅ’। দৰা-কইনাই বিয়াঘৰত ইজনে সিজনক সাৱটি ধৰিব বিচাৰিছিল। কিন্তু আলিঙ্গনৰ সময়তে পুৰোহিতে দুয়োকে ঠেলি আঁতৰাই দিয়ে। ভিডিঅ’টো চোৱা নেটিজেনসকলে কয়, ‘একেবাৰে কাবাব মে হাদ্দি’।
কইনাগৰাকীয়ে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰে। তেওঁ ধুনীয়া বিয়াৰ সাজ-পোছাক পিন্ধি দৰাৰ ফালে আগবাঢ়ি আহিছিল। যুৱকজনো কইনাক দেখি মন্ত্ৰমুগ্ধ হৈ পৰে। আনকি আঁঠুকাঢ়ি লৈ ফুলৰ থোপা দিয়ে। সামাজিক নীতি-নিয়মৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ তেওঁ সেই মুহূৰ্তটোক বিশেষ কৰি তুলিব বিচাৰিছিল।
ফুলৰ থোপাটোৰে কইনাক সাৱটি ধৰিবৰ মন গ’ল। সেই মুহূৰ্ততে দৰাজনে কইনাক সাৱটি ধৰি গালত চুমা খালে। কিন্তু মুহূৰ্ততে পুৰোহিতে দৰা-কইনাক পৃথক কৰি দিয়ে। লগতে ফটোগ্ৰাফাৰাক দুয়োৰে ফটো তোলাত নিষেধাজ্ঞা আৰোপ কৰে। ভিডিঅ’টো চাই নেটিজেনসকলো হতাশ হৈ পৰে।










