
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক আৰক্ষী বিষয়াসকলক প্ৰতিবছৰে কমেও ৫০টা নিশা সীমান্তবৰ্তী গাঁৱত কটাবলৈ নিৰ্দেশ দিছে।

সীমান্তবাসীৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰখা আৰু তৃণমূল পৰ্যায়ৰ পৰা চোৰাংচোৱা তথ্য সংগ্ৰহৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে এই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। চি এ পি এফ আৰু ৰাজ্যিক আৰক্ষীক নিৰাপত্তাৰক্ষীৰ ‘চকু’ আৰু ‘কাণ’ বুলি অভিহিত কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছে সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে।
অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো চৰকাৰী নিৰ্দেশ ৰাজহুৱা কৰা হোৱা নাই। সূত্ৰ অনুসৰি, গৃহ মন্ত্ৰালয়ে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ), ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি), সশস্ত্ৰ সীমা বল (এছ এছ বি), আছাম ৰাইফলছ আৰু সীমান্তৱৰ্তী ৰাজ্যসমূহৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ জাৰি কৰিছে।
যোৱা বছৰ ছত্তীশগড়ৰ ৰায়পুৰত ডিজি-আইজি পৰ্যায়ৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হয়। সীমান্তৱৰ্তী গাঁওসমূহত ৰাজ্যৰ আৰক্ষীক অধিক সক্ৰিয় হ’বলৈ কয় কেন্দ্ৰই। গাইডলাইনত কোৱা হৈছে, “আৰক্ষী বিষয়া বা তেওঁলোকৰ প্ৰতিনিধি দলে প্ৰতি বছৰে কমেও ৫০ নিশা সীমান্তৰ গাঁওসমূহত কটাব লাগে।”
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা ১০ এপ্ৰিলৰ পৰা আৰম্ভ কৰা ভাইব্ৰেণ্ট ভিলেজ প্ৰ’গ্ৰেমৰ (ভি ভি পি) লক্ষ্যৰে সীমান্তৱৰ্তী কোন কোন গাঁও কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু তাত থকা জনসাধাৰণৰ জীৱনৰ মানদণ্ড কিমান উন্নত হৈছে সেই কথা চিনাক্ত কৰা। ভি ভি পিৰ অধীনত ৰাজ্যৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক সীমান্তত অধিক সক্ৰিয় হোৱাটো চৰকাৰে বিচাৰিছে।
৫০ দিনীয়া সীমান্ত অভিযানত সংশ্লিষ্ট বিষয়াসকলে গাঁওসমূহ পৰিদৰ্শন কৰিব লাগিব। গাওঁবাসীৰ লগত কথা পাতি আৰ্থ-সামাজিক প্ৰয়োজনীয়তা বুজিব লাগিব আৰু চোৰাংচোৱা তথ্য সংগ্ৰহৰ ভেটি মজবুত কৰিব লাগিব। এইদৰে চি এ পি এফ আৰু ৰাজ্যৰ আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ চকু-কাণৰ ভূমিকা পালন কৰিব।
যোৱা বছৰ ভি ভি পি কাৰ্যসূচীৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজেই নিৰাপত্তা কৰ্তব্যৰ সমান্তৰালকৈ গাঁওসমূহৰ আৰ্থ-সামাজিক জীৱন উন্নত কৰাৰ ক্ষেত্ৰত চি এ পি এফৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কৈছিল যে চি এ পি এফৰ বিষয়াসকলে স্বাস্থ্য, ক্ৰীড়া, শিক্ষাৰ দৰে ক্ষেত্ৰত সক্ৰিয় হ’ব পাৰে। ইয়াৰ পিছত কেন্দ্ৰৰ পৰা গাঁৱত সময় কটোৱাৰ নিৰ্দেশ পোৱা বুলি খবৰ পোৱা গৈছে।









