
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত (Peace Of Board) যোগদানৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে পাকিস্তানে। বুধবাৰে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। অৱশ্যে এই বিষয়ত ভাৰতে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

সংবাদ সংস্থা পি টি আয়ে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি কয় যে নতুন দিল্লীয়ে ট্ৰাম্পৰ প্ৰস্তাৱক ‘হা’ কোৱাৰ পূৰ্বে কিছু স্পৰ্শকাতৰ বিষয় বিবেচনা কৰি আছে। সেয়েহে সিদ্ধান্ত লোৱাত পলম হৈছে। ইতিমধ্যে বহু দেশে ‘পীচ অব ব’ৰ্ড’ত যোগদান কৰিছে। এতিয়ালৈকে তিনিখন দেশে এই প্ৰস্তাৱ নাকচ কৰিছে।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে কয় যে গাজাত শান্তি পুনৰুদ্ধাৰৰ বাবে ট্ৰাম্পৰ প্ৰস্তাৱিত ‘পীচ অব ব’ৰ্ড’ত যোগদান কৰিছে। এই সিদ্ধান্ত পশ্চিম এছিয়াত শান্তি ঘূৰাই অনাৰ পদক্ষেপক সমৰ্থন কৰিবলৈ লোৱা হৈছে।
ইছলামাবাদে গাজাত স্থায়ী যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ লগতে পেলেষ্টাইনীসকলক মানৱীয় সাহায্য বৃদ্ধিৰ আশা প্ৰকাশ কৰিছে।
হোৱাইট হাউছৰ এজন বিষয়াৰ উদ্ধৃতি দি এ পিয়ে প্ৰকাশ কৰিছে যে ৱাশ্বিংটনে কমেও ৫০ খন দেশক ‘পীচ অব ব’ৰ্ড’লৈ আমন্ত্ৰণ জনাই পত্ৰ প্ৰেৰণ কৰিছে।
ইয়াৰে ভিতৰত আমেৰিকাই আশা কৰিছে যে ৩০ খন দেশে এই আমন্ত্ৰণ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় গোটত যোগদান কৰিব। পাকিস্তানৰ উপৰি ইজৰাইল, আৰ্জেণ্টিনা, আৰ্মেনিয়া, আজাৰবাইজান, বাহৰেইন, বেলাৰুছ, ইজিপ্ত, হাংগেৰী, কাজাখস্তান, কছ’ভ’, মৰক্কো, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভিয়েটনামে ইতিমধ্যে ট্ৰাম্পৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিছে।
ভাৰতৰ দৰে এই নিমন্ত্ৰণ লাভ কৰি এতিয়াও কোনো সিদ্ধান্ত ঘোষণা কৰা নাই ব্ৰিটেইনে। ইয়াৰ উপৰি এই তালিকাত চীন, ক্ৰ’ৱেচিয়া, ৰাছিয়া, ইটালী, জাৰ্মানী, পেৰাগুৱে, ছিংগাপুৰ, শ্লোভেনিয়া, তুৰস্ক, ইউক্ৰেইন আদি দেশ অন্তৰ্ভুক্ত আছে। ফ্ৰান্স, ছুইডেন আৰু নৰৱেই ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত যোগদানৰ প্ৰস্তাৱ নাকচ কৰিছে।
কেৱল গাজাত শান্তি পুনৰুদ্ধাৰ কৰাই নহয়, ‘পীচ অব ব’ৰ্ড’ৰ আঁৰত ট্ৰাম্পৰ এটা ডাঙৰ পৰিকল্পনা আছে। দৰাচলতে সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ট্ৰাম্পে নতুন আন্তঃৰাষ্ট্ৰীয় ব’ৰ্ড গঠন কৰিব বিচাৰিছে। প্ৰথম অৱস্থাত ‘পীচ অব ব’ৰ্ড’ৰ কাম আৰম্ভ হ’ব গাজাৰ পৰা।
তাত শান্তি স্থাপনৰ পৰিকল্পনা সফল হ’লে এই ব’ৰ্ডে বিশ্বৰ অন্যান্য সমস্যাৰ ওপৰতো কাম কৰিব। ইয়াত যোগদান কৰিলে দেশসমূহে প্ৰথম অৱস্থাত তিনি বছৰৰ সদস্যপদ লাভ কৰিব। ১০০ কোটি বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ৯ হাজাৰ কোটি টকা) দি তেওঁলোকে স্থায়ী সদস্যপদ লাভ কৰিব।










