
এখন স্বচ্ছ ভোটাৰ তালিকা এক শক্তিশালী গণতন্ত্ৰৰ চাবিকাঠি। বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ (SIR) কথা উল্লেখ কৰি দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই দাবী কৰে। বুধবাৰে তেওঁ দিল্লীত নিৰ্বাচন পৰিচালনা সংস্থাসমূহৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি এছ আই আৰৰ বিষয়টো উত্থাপন কৰে।

তেওঁ দাবী কৰে যে বিহাৰৰ এছ আই আৰত যোৱা বছৰ নাম কাটি পেলোৱা বা নতুন সংযোজনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এটাও অভিযোগ দাখিল কৰা হোৱা নাছিল।
দুটা পৰ্যায়ৰ নিৰ্বাচনত পুনৰ নিৰ্বাচনৰ নিৰ্দেশ এটা কেন্দ্ৰতো দিবলগা হোৱা নাছিল। ন্যায্যভাৱে নিৰ্বাচন অনুষ্ঠিত হয়। এছ আই আৰৰ বাবেই এইটো সম্ভৱ হৈছিল। জ্ঞানেশ কুমাৰে কয় যে আইন অনুসৰি প্ৰতিজন ভোটাৰৰ নাম থকা এখন বিশুদ্ধ ভোটাৰ তালিকাই গণতন্ত্ৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ চাবিকাঠি।
মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে দাবী কৰে যে বিহাৰত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হৈছিল, কাৰণ এছ আই আৰ ন্যায্যভাৱে অনুষ্ঠিত হৈছিল। অৱশ্যে এই প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ে কিছু প্ৰশ্ন উত্থাপন কৰে। আদালতে আয়োগৰ কৰ্তৃত্বক লৈও প্ৰশ্ন উত্থাপন কৰে।
বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ বিচাৰপীঠে বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত নিৰ্বাচন আয়োগে এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰৰ চূড়ান্ত পৰ্যায়ৰ শুনানি গ্ৰহণ কৰে।
মুখ্য ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে এই বিশেষ পুনৰীক্ষণে ভোটাৰ তালিকাত নাম নথকাসকলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ন্যায়িক পৰ্যালোচনাৰ বাহিৰে নিৰ্বাচন আয়োগে নিৰন্তৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ন্যায়াধীশ বাগচিয়ে।
আয়োগে এছ আই আৰ প্ৰক্ৰিয়াত মুঠ ১১টা নথিৰ কথা উল্লেখ কৰিছে। প্ৰপত্ৰ ৬ত সাতটা নথিৰ কথা উল্লেখ কৰা হৈছে।
নিৰ্ধাৰিত তালিকাত থকা নথিপত্ৰৰ সংখ্যা আয়োগে যোগ বা বিয়োগ কৰিব পাৰিবনে? ৬ নং প্ৰপত্ৰত থকা নথি-পত্ৰও সম্পূৰ্ণৰূপে ডিলিট কৰিব পাৰিনে? ন্যায়াধাশসকলে এই প্ৰশ্ন উত্থাপন কৰে। এই সন্দৰ্ভত শুনানি বুধবাৰেও সম্পূৰ্ণ নহ’ল। বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত।










