
ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই প্ৰথমে ২৫ শতাংশ শুল্ক (US Tariff) আৰোপ কৰিছিল। পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ‘শাস্তি’ হিচাপে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে।

তেওঁ ৫০০ শতাংশ শুল্ক আৰোপ কৰাৰো হুংকাৰ দিছিল। বুধবাৰে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে।
উল্লেখ্য যে আমেৰিকাৰ চিনেটৰ লিণ্ডচে গ্ৰেহামে প্ৰস্তাৱ দিছিল যে যিকোনো দেশ বা কোম্পানীয়ে ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা তেল ক্ৰয় কৰি বিক্ৰী কৰে, সেইবোৰৰ ওপৰত ৫০০ শতাংশ কৰ আৰোপ কৰা উচিত। এই প্ৰস্তাৱক আমেৰিকাৰ চিনেটৰ বৈদেশিক সম্পৰ্ক কমিটীয়ে অতিশয় সমৰ্থন আগবঢ়াইছিল।
ট্ৰাম্পে পূৰ্বে ঘোষণা কৰিছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ প্ৰয়াসত পুটিনৰ দেশৰ পৰা তেল আমদানি কৰা দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে।
বুধবাৰে ইউৰোপীয় দেশসমূহক সমালোচনা কৰি আমেৰিকাৰ কোষাগাৰ সচিবে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ কেইবাবছৰ পাৰ হোৱাৰ পাছতো বিভিন্ন দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আহিছে। সেই ধনৰ পৰাই মস্কোৱে যুদ্ধৰ সামগ্ৰী লাভ কৰি আছে।
তেওঁ দাবী কৰে যে ইউৰোপীয় দেশসমূহে নিজৰ নিৰাপত্তাত ব্যাঘাত জন্মা বুলি জানিও পুটিনৰ দেশৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিছে। অৱশ্যে ভাৰত সন্দৰ্ভত আমেৰিকাৰ এই দাবীৰ প্ৰেক্ষিতত ভাৰতৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।









