
‘লিভ ইন ৰিলেচন’ (Live-in relationship) বা শয্যা সংগী হিচাপে থকা মহিলাসকলেও কিছু আইনী সুৰক্ষা (Legal protection) লাভ কৰা উচিত বুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে (Madras High Court) প্ৰকাশ কৰিছে। কিছুমান ক্ষেত্ৰত এনে শয্যা সংগীকো পত্নীৰ দৰেই আইনী মৰ্যাদা দিয়া উচিত বুলি ন্যায়াধীশগৰাকীয়ে কয়। আদালতে এই সম্পৰ্কক গন্ধৰ্ব বিবাহৰ সৈতে তুলনা কৰে, যাৰ কথা প্ৰাচীন ভাৰতীয় বিবাহ পৰম্পৰাতো উল্লেখ আছে।
তামিলনাডুৰ তিৰুচিৰাপল্লীৰ এজন যুৱকে নিজৰ লিভ-ইন পাৰ্টনাৰৰ অভিযোগত আগতীয়াকৈ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠত ইয়াৰ শুনানি চলি আছে। অভিযোগ অনুসৰি, লিভ ইন ৰিলেচনত থকা যুৱকজনে মহিলাগৰাকীৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। তেওঁক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু পিছত তেওঁ সম্পৰ্কটো ভাঙি পেলায়। ন্যায়াধীশ এছ শ্ৰীমতীৰ পৰ্যবেক্ষণ, ভাৰতীয় সমাজত লিভ ইন সম্পৰ্ক এটা ‘সাংস্কৃতিক আঘাত’। অৱশ্যে ইয়াৰ প্ৰচলন বহুল। মহিলাসকলে এতিয়া নিজকে আধুনিক বুলি গণ্য কৰি লিভ ইন ৰিলেচনত সোমাই পৰে। কিন্তু পিছত তেওঁলোকে উপলব্ধি কৰে যে ইয়াত বিবাহৰ আইনী সুৰক্ষা নাই।
প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ কথা উল্লেখ কৰি আদালতে কয় যে হিন্দু শাস্ত্ৰ অনুসৰি আঠ প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছে। গন্ধৰ্ব বিবাহ তাৰ ভিতৰত অন্যতম। সেই বিবাহ কোনো নিয়ম-নীতি পালন নকৰাকৈ পুৰুষ আৰু মহিলাৰ সন্মতিৰ ভিত্তিত কৰা হৈছিল। আজিৰ শয্যা সংগীক সেই ধৰণেৰে চাব পাৰি। মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো আদালতৰ দায়িত্ব। ন্যায়াধীশৰ মতে, যিহেতু লিভ ইন ৰিলেচনত কোনো আইনী বাধ্যবাধকতা নাথাকে, সেয়েহে বহু পুৰুষে ইয়াৰ সুবিধা লয়। প্ৰথমতে আধুনিকতাৰ কথা কয় যদিও সম্পৰ্কত তিক্ততা বাঢ়িলে নাৰীৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰে। ভাৰতীয় দণ্ডবিধিৰ ৬৯ নং ধাৰাৰ কথা উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক কৰাটো অপৰাধ। যদি কোনো মানুহে পিছত এনে প্ৰতিশ্ৰুতিৰ পৰা পিছুৱাই যাব বিচাৰে তেন্তে তেওঁ তাৰ পৰা হাত সাৰিব নোৱাৰে। সেইবাবেই তেওঁ অনুভৱ কৰে যে লিভ ইন ৰিলেচনৰ ক্ষেত্ৰত মহিলাগৰাকীক আইনী সুৰক্ষা প্ৰদান কৰাটো প্ৰয়োজনীয়। লগতে তেওঁ অভিযুক্তৰ আগতীয়া জামিন আবেদনো নাকচ কৰে।










