
আত্মহত্যা কৰা মালিকৰ মৃতদেহৰ (owner’s dead body) কাষত ওৰেনিশা পহৰা দি থাকিল এটা পোহনীয়া কুকুৰে (Pet dog)। আনকি শেষ যাত্ৰাতো তেওঁ মৃতদেহৰ গাড়ীখনৰ পিছে পিছে গ’ল। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ (MP) শিৱপুৰীত সংঘটিত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পোহনীয়া জন্তুটোৰ আনুগত্য দেখি সকলোৰে চকু সেমেকি উঠে।
সোমবাৰে পুৱা শিৱপুৰী জিলাৰ এখন গাঁৱত জগদীশ প্ৰজাপতিৰ (৪০) চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ পোহনীয়া কুকুৰটো গোটেই নিশা জগদীশৰ মৃতদেহৰ কাষতে বহি থাকে। পুৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ আগলৈকে কুকুৰটোক তাৰ পৰা লৰচৰ কৰাব পৰা নগʼল।

পিছদিনা পুৱা যেতিয়া মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল, তেতিয়াও কুকুৰটোৱে মৃতদেহ কঢ়িওৱা গাড়ীখনৰ পিছফালে প্ৰায় চাৰি কিলোমিটাৰ দৌৰিছিল। এনে দৃশ্য দেখি গাঁৱৰ ৰাইজ আচৰিত হৈ পৰে। অৱশেষত মৃতকৰ পৰিয়ালে কুকুৰটোক গাড়ীত উঠাই লৈ যায়। মৰণোত্তৰ পৰীক্ষাকে ধৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱালৈকে নিজৰ ‘বন্ধু’ৰ কাষত কুকুৰটোৱে নীৰৱে অপেক্ষা কৰি থকা দেখা যায়।
আনহাতে, মৃতদেহ সৎকাৰ নকৰালৈকে কুকুৰটোৱে কোনো ধৰণৰ খাদ্য বা পানী খোৱা নাছিল। আনকি পোহনীয়া জন্তুটোৰ মৰমৰ গভীৰতাত চকুলো টুকিছিল অভিজ্ঞ আৰক্ষী বিষয়াসকলেও। ইতিমধ্যে কুকুৰটোৰ আনুগত্যক প্ৰশংসা কৰি স্থানীয় আৰক্ষী থানাৰ ষ্টেচন ইনচাৰ্জে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে, যিটো ভাইৰেল হৈছে। অৱশ্যে জগদীশে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।










