
নাছাৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ (Sunita Williams) অৱসৰ গ্ৰহণ (Retirement)। ৬০ বছৰীয়া আমেৰিকান মহাকাশচাৰীগৰাকীয়ে ২৭ বছৰীয়া কেৰিয়াৰৰ অন্তত ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। মঙলবাৰে মাৰ্কিন মহাকাশ সংস্থা নাছাই এক বিবৃতিত এই খবৰ প্ৰকাশ কৰে।
২০০৬ চনৰ ডিচেম্বৰ মাহত সুনীতাৰ প্ৰথম মহাকাশযাত্ৰা আছিল। ডিস্ক’ভাৰী শ্বাটলত প্ৰথমে মহাকাশলৈ যাত্ৰা কৰিছিল তেওঁ। সুনীতাই নাছাৰ ১৪/১৫ অভিযানৰ বিমান অভিযন্তা হিচাপেও কাম কৰিছিল। কেৱল সেয়াই নহয়, সমগ্ৰ অভিযানৰ সময়ছোৱাত চাৰিটা মহাকাশ ভ্ৰমণ কৰিও তেওঁ বিশ্ব অভিলেখ গঢ়িছিল। ২০১২ চনত দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ গৈছিল সুনীতাই। ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীয়ে সেই ১২৭ দিনীয়া অভিযানত মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৪ চনত তেওঁৰ তৃতীয় আৰু অন্তিম অভিযান আছিল বয়িং ষ্টাৰলাইনাৰত মহাকাশ কেন্দ্ৰলৈ যোৱা। তেওঁৰ লগত আছিল আন এজন আমেৰিকান মহাকাশচাৰী বুশ্ব উইলম’ৰ। সেইবাৰ ১০ দিনীয়া অভিযানৰ সময়ত যান্ত্ৰিক বিজুতিৰ বাবে প্ৰায় ১০ মাহ মহাকাশত আবদ্ধ হৈ থাকিবলগীয়া হয়। অৱশেষত ২০২৫ চনৰ মাৰ্চ মাহত ২৮৬ দিনৰ মূৰত দুয়ো পৃথিৱীলৈ উভতি আহে।

সুনীতাই নিজৰ দীঘলীয়া কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (আই এছ এছ) তিনিটা মিছন সম্পূৰ্ণ কৰিছে। নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে কয়, “সুনীতা উইলিয়ামছ হৈছে মানৱ মহাকাশ উৰণৰ অন্যতম পথ প্ৰদৰ্শক। মহাকাশ কেন্দ্ৰত নিপুণ নেতৃত্ব প্ৰদান কৰাৰ উপৰি তেওঁ নিম্ন পৃথিৱীৰ কক্ষপথত বাণিজ্যিক অভিযানৰ পথো মুকলি কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ক্ষেত্ৰত সুনীতাৰ অৱদান আদৰ্শ, যিয়ে ভৱিষ্যত প্ৰজন্মক ডাঙৰ সপোন দেখিবলৈ আৰু অসম্ভৱক অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব। নাছা আৰু সমগ্ৰ দেশৰ প্ৰতি উৎসৰ্গিত সেৱাৰ বাবে আপোনাক ধন্যবাদ।”
পদাৰ্থ বিজ্ঞানৰ স্নাতক সুনীতাই মেলবোৰ্ণৰ ফ্ল’ৰিডা ইনষ্টিটিউট অব টেকন’লজীৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আমেৰিকাৰ নৌসেনাত যোগদান কৰে। হেলিকপ্টাৰ আৰু ফিক্সড উইং পাইলট হিচাপে ৪০ খন বিমানত ৪ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে তেওঁৰ। ১৯৯৮ চনত সুনীতাই নাছাত যোগদান কৰে। তাৰ পিছৰ পৰা কেতিয়াও পিছলৈ ঘূৰি চাবলগা হোৱা নাই। ২৭ বছৰীয়া কেৰিয়াৰত মহাকাশত মুঠ ৬০৮ দিন তেওঁ কটাইছে, যিটো নাছাৰ মহাকাশচাৰীৰ ইতিহাসত দ্বিতীয় দীঘলীয়া দিন। ইয়াৰ উপৰি সুনীতাই ৬২ ঘণ্টা ৬ মিনিটৰ ৯টা মহাকাশ ভ্ৰমণ সম্পূৰ্ণ কৰিছে, যিটো যিকোনো মহিলা মহাকাশচাৰীৰ বাবে সৰ্বাধিক। মহাকাশত মাৰাথন দৌৰা প্ৰথমগৰাকী ব্যক্তিগৰাকীও আছিল তেওঁ।
সুনীতা উইলিয়ামছে কয়, “মোক চিনি পোৱাসকলে জানে যে মহাকাশ মোৰ একেবাৰে প্ৰিয় স্থান। মহাকাশচাৰী হোৱা আৰু তিনিবাৰ মহাকাশলৈ যোৱাৰ সুযোগ পোৱাটো এক অবিশ্বাস্য সন্মান।” ইমান বছৰৰ পাছত নাছাৰ আগন্তুক আৰ্টেমিছ-২ চন্দ্ৰ অভিযানৰ বিষয়ে সোধাত সুনীতাৰ চকু দুটা জিলিকি উঠে। এন ডি টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীয়ে হাঁহি হাঁহি কয়, “মই যাব বিচাৰো, কিন্তু মোৰ স্বামীয়ে মোক মাৰি পেলাব।” কিছু মুহূৰ্তৰ পিছত তেওঁ থমকি ৰৈ পুনৰ কয়, “এতিয়া ঘৰলৈ উভতি অহাৰ সময়। এইবাৰ মহাকাশ ভ্ৰমণৰ ইতিহাসত পৰৱৰ্তী প্ৰজন্মক নিজৰ স্থান ল’বলৈ দিয়ক।”










