
প্ৰশিক্ষণৰ সময়ত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন বিমান (An Air Force plane has crashed)। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত (Prayagraj) বুধবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাত বিমানখনত থকা দুজন পাইলট আহত হয়। অৱশ্যে কোনো লোক নিহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

সংবাদ সংস্থা পি টি আইৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত প্ৰয়াগৰাজৰ ৰামবাগ অঞ্চলৰ কেপি কলেজৰ সমীপত প্ৰশিক্ষণৰ সময়ত বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। জাহাজখনত দুজন পাইলট আছিল। শেষ মুহূৰ্তত বিমানৰ পৰা জঁপিয়াই পেৰাচুট বান্ধি তেওঁলোক ৰক্ষা পৰে । এটা পুখুৰীত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু প্ৰথম অৱস্থাত মাজ আকাশত ইঞ্জিন বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। এই খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনিক বিষয়া। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলো উপস্থিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলট আছিল গ্ৰুপ কেপ্টেইন প্ৰবীণ আগৰৱাল আৰু গ্ৰুপ কেপ্টেইন সুনীল কুমাৰ পাণ্ডে। দুয়োজন গুৰুতৰভাৱে আহত হয়। পাইলট দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।










