
পুৰীৰ জগন্নাথ মন্দিৰত (Jagannath Temple) আক্ৰমণ কৰাৰ ভাবুকি দি ছ’চিয়েল মিডিয়াত পোষ্ট। ইয়াৰ পিছতে জগন্নাথ মন্দিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। উক্ত স্থানত উপস্থিত হৈছে এ টি এছ আৰু বোমা নিষ্কাশক স্কোৱাড দল। আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
মঙলবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা পোষ্টত কোৱা হৈছে যে পুৰীৰ এটা শ্বপিং মলত আক্ৰমণ সংঘটিত হ’ব।
ইয়াৰ সমান্তৰালকৈ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুভাষী খুণ্টিয়াৰ ওপৰতো আক্ৰমণৰ ভাবুকি দিয়া হয়। এই পোষ্টটো এগৰাকী মহিলাৰ একাউণ্টৰ পৰা ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছে। কোনোবাই তেওঁৰ নামত একাউণ্ট খুলি এই অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
পুৰীৰ চাইবাৰ অপৰাধ দমন থানাত ৰুজু হৈছে এক গোচৰ। ইতিমধ্যে সাংসদ খুণ্টিয়াই পুৰীৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছে। তেওঁ কয় যে কোনো অচিনাকি ব্যক্তিয়ে তেওঁক ফোন কৰি ভাবুকি দিছিল।
পুৰীৰ আৰক্ষী অধীক্ষক প্ৰতীক সিঙে সংবাদ সংস্থা এ এন আইক জনাইছে যে কিছুদিন পূৰ্বে কোনোবাই ছচিয়েল মিডিয়াত জগন্নাথ মন্দিৰত আক্ৰমণৰ ভাবুকি দি পোষ্ট দিছিল। আৰক্ষী আৰু চাইবাৰ ক্ৰাইম শাখা লগে লগে সক্ৰিয় কৰা হয়।
ইয়াৰ পিছত পুনৰ ছচিয়েল মিডিয়াত ভাবুকিৰ বাৰ্তা দি সেয়া ডিলিট কৰা হয়। মন্দিৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। মন্দিৰ চৌহদত প্ৰৱেশ কৰাসকলক পৰীক্ষা কৰা হৈছে।
অৱশ্যে এয়াই প্ৰথম নহয়, যোৱা বছৰো পুৰী মন্দিৰত আক্ৰমণৰ ভাবুকি আহিছিল।
যোৱা আগষ্ট মাহত শতিকা পুৰণি মন্দিৰটোৰ দেৱালত দুটা ভাষাত লিখা ভাবুকিৰ বাৰ্তা উদ্ধাৰ হৈছিল। একা-বেঁকা হাতৰ আখৰেৰে খোদিত বাৰ্তাটো দেখি অঞ্চলটোৰ সকলোৱে আতংকিত হৈ পৰে। যাৰ বাবে সমগ্ৰ মন্দিৰ চৌহদত জৰুৰীভাৱে নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।










