
আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এইবাৰ নতুন দাবী উত্থাপন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump) । তেওঁ কয় যে যদি তেওঁক হত্যা কৰা হয় তেন্তে আমেৰিকাই ইৰাণক বিশ্বৰ মানচিত্ৰৰ পৰা মচি পেলাব।

ইতিমধ্যে ইৰাণে আমেৰিকাৰ বিৰুদ্ধে মাত মাতিছে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনীক আক্ৰমণ কৰিলে তেহৰানো মনে মনে নাথাকে। দেশখনৰ ৰাষ্ট্ৰপতি মাছৌদ পাঝোকিয়ানৰ পৰা আৰম্ভ কৰি ইৰাণৰ সামৰিক বাহিনীলৈকে একেই বাৰ্তা।
ইফালে ট্ৰাম্পে নিজৰ প্ৰাণহানিৰ আশংকা কৰিছে। এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “মোৰ এটা দৃঢ় আদেশ আছে, যিয়েই নহওক কিয়, তেওঁলোকক (ইৰাণ) পৃথিৱীৰ পৰা মচি পেলাব লাগিব।”
ইয়াৰ পূৰ্বে ট্ৰাম্পৰ এক বক্তব্য ৰাজহুৱা কৰা হৈছিল। সেই বিবৃতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছিল যে উপদেষ্টাসকলক নিৰ্দেশ দিছে যদিহে তেওঁক আক্ৰমণৰ কোনো প্ৰচেষ্টাত ইৰাণৰ জড়িত থকাৰ প্ৰমাণ পোৱা যায় তেন্তে ইৰাণক ধ্বংস কৰি পেলোৱা হ’ব।
২৮ ডিচেম্বৰৰ পৰা ইৰাণত খামেইনী বিৰোধী প্ৰতিবাদ চলি আছে। যদিও প্ৰতিবাদ কিছু কমিছে কিন্তু সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। তেহৰানে আৰম্ভণিৰে পৰাই আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ প্ৰতিবাদক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। ইৰাণে শেহতীয়াকৈ দুয়োখন দেশক এই সন্দৰ্ভত সকীয়নিও দিছে।
শেহতীয়াকৈ ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুখপাত্ৰ জেনেৰেল আবলফাজল শ্বেকাৰচিয়ে কয়, “ট্ৰাম্পে জানে যে যদি কোনোবাই আমাৰ নেতা (আয়াতুল্লাহ আলী খামেইনী)ৰ ফালে হাত দিয়ে তেন্তে আমি কেৱল সেই হাতখন কাটি পেলোৱাই নহয়, তেওঁলোকৰ পৃথিৱীখনকো জুই জ্বলাই দিম।”
উল্লেখ্য যে দুদিনমান পূৰ্বে ট্ৰাম্পে খামেইনীক গৰিহণা দি কৈছিল, “তেওঁ এজন অসুস্থ মানুহ। তেওঁ মানুহক হত্যা কৰাৰ পৰিৱৰ্তে নিজৰ দেশখন সঠিকভাৱে চলাব লাগে।” ইৰাণে নতুন নেতা বিচাৰি উলিওৱাৰ সময় আহি পৰিছে বুলিও ট্ৰাম্পে কয়। তেহৰানে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই মন্তব্য ভালদৰে গ্ৰহণ কৰা নাছিল।
ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ দেশৰ অৰ্থনৈতিক দুৰ্দশাৰ আঁৰত আমেৰিকা আৰু ইয়াৰ বন্ধু দেশসমূহৰ শত্ৰুতা আৰু অমানৱীয় নিষেধাজ্ঞা। তেওঁ কয় যে দেশৰ সৰ্বোচ্চ নেতাক কৰা যিকোনো অপমান আচলতে সমগ্ৰ জাতিটোৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধৰ সমতুল্য।









